বকোত বন বিভাগৰ ভূমি বেদখল মুক্ত কৰিবলৈ জননী প্ৰদান...

পশ্চিম কামৰূপ বনসংমণ্ডল প্ৰাধিকাৰী বিষয়াৰ আৰু বন্দাপাৰা বনাঞ্চলিক বিষয়াৰ কাৰ্যালয়ৰ অন্তৰ্গত গিজাং বনাঞ্চলৰ ভূমি বেদখল হোৱা বুলি জাননী দিয়ে
boko notice
boko notice

ডিজিটেল সংবাদ, বকো : কামৰূপ জিলাৰ বকোত শুকুৰবাৰে বনবিভাগৰ ভূমি বেদখল মুক্ত কৰাৰ বাবে বন বিভাগে জাননী দিয়া ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে । ঘটনাৰ বিৱৰণী মতে পশ্চিম কামৰূপ বনসংমণ্ডল প্ৰাধিকাৰী বিষয়াৰ আৰু বন্দাপাৰা বনাঞ্চলিক বিষয়াৰ কাৰ্যালয়ৰ অন্তৰ্গত গিজাং বনাঞ্চলৰ ভূমি বেদখল হোৱা বুলি জাননী দিছে ।

বিভাগটোৱে পুখুৰীপাৰা গাঁৱৰ সমীপত লাগি থকা গিজাং বনাঞ্চলৰ জংঘলত ১০ দিনৰ ভিতৰত বন বিভাগৰ ভূমি সমূহ বেদখল মুক্ত কৰিবলৈ পোষ্টাৰ-বেনাৰ পৰ্যন্ত আঁৰি দিছে । ফলত গিজাং বনাঞ্চলত বসবাস কৰাৰ লগতে বনাঞ্চলত বিভিন্ন খেতি কৰা খেতিয়কসকলৰ টোপনি নোহোৱা হৈছে ।

বনবিভাগে আঁৰি দিয়া পোষ্টৰ-বেনাৰত গিজাং বনাঞ্চলত মুঠ মাটিকালিৰ পৰিমাণ আৰু কিমান পৰিমাণৰ মাটি বেদখল হৈছে সেই তথ্য উল্লেখ কৰা নাই । উল্লেখযোগ্য যে কিছুদিন আগতে বন বিভাগৰ বন্দাপাৰা বনাঞ্চলিক বিষয়াৰ কাৰ্যালয়ৰ বিষয়া-কৰ্মচাৰীৰ দল এটাই গিজাং বনাঞ্চলত বেদখল কৰি কৰা ৰবৰ খেতিৰ প্ৰায় তিনিশ জোপা ৰবৰ গছ কাটি পেলোৱা বুলি জানিব পৰা গৈছে ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in