বকোত যক্ষ্মা ৰোগীক সাহায্য প্ৰদান...

প্ৰধানমন্ত্ৰী যক্ষ্মা মুক্ত ভাৰত অভিযানৰ অন্তৰ্গত নিশ্চয় মিত্ৰ আঁচনিৰ অধীনত পাঁচগৰাকী যক্ষ্মা ৰোগীক সাহায্য প্ৰদান কৰা হয়
boko elimination programme
boko elimination programme

ডিজিটেল সংবাদ, বকো : কামৰূপ জিলাৰ বকোত শুকুৰবাৰে প্ৰধানমন্ত্ৰী যক্ষ্মা মুক্ত ভাৰত অভিযানৰ অন্তৰ্গত নিশ্চয় মিত্ৰ আঁচনিৰ অধীনত পাঁচগৰাকী যক্ষ্মা ৰোগীক সাহায্য প্ৰদান কৰা হয় । উল্লেখিত আঁচনি ৰূপায়নৰ বাবে ৪৮নং বকো বিধানসভা সমষ্টিৰ অন্তৰ্গত ৩০খন বিচনাযুক্ত বকো গ্ৰাম্য চিকিৎসালয়ৰ সভাগৃহত এখন সভা অনুষ্ঠিত কৰা হয় ।

চিকিৎসালয়খনৰ মহকুমা স্বাস্থ্য বিষয়া ডা: মন্টু কুমাৰ দাসে সভাপতিত্ব কৰা সভাখনত বকোৰ বিধায়িকা নন্দিতা দাসে সাহায্য প্ৰদানৰ আঁচনিৰ শুভাৰম্ভণি কৰে। সভাখনৰ আঁতধৰে জ্যেষ্ঠ যক্ষ্মা পৰিদৰ্শক ধ্ৰুৱজ্যোতি মেধিয়ে ।

সভাত বকো গ্ৰাম্য চিকিৎসালয়ৰ উপ-অধীক্ষক ডা: অপূৰ্ব কুমাৰ তালুকদাৰ, কামৰূপ জিলাৰ পি পি এম সমন্বয়ক পলাশী কলিতা , চিকিৎসালয়খনৰ পৰিচালনা সমিতিৰ সদস্য ক্ৰমে - বিজয় কলিতা, ভূপেশ চৌধুৰী , সৰলা দাসকে ধৰি বিশিষ্টয়ে অংশগ্ৰহণ কৰে ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in