/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2022/05/elephant.jpg)
ডিজিটেল সংবাদ, বকো : কামৰূপ জিলাৰ বকোত বনৰীয়া হাতীৰ জাক এটাই ৰাইজৰ মাজত আতংকৰ সৃষ্টি কৰিছে । ঘটনাৰ বিৱৰণ মতে ৪৮ নং বকো বিধান সভা সমষ্টিৰ বকো থানাৰ অন্তৰ্গত পাহাৰীয়া এলেকা হাহিমত প্ৰায় ২৭ টা বৃহৎ বনৰীয়া হাতীৰ এটা জাকে ইফালে-সিফালে ঘূৰি ফুৰাত ৰাইজে আতংকিত হৈ পৰিছে ।
হাতীৰ জাকটোৱে যোৱা চাৰি-পাঁচ দিন ধৰি হাহিমৰ বিভিন্ন ঠাইত বিচাৰ কৰি আছে যদিও কোনোধৰণৰ বিশেষ ক্ষতিসাধন কৰা নাই বুলি জানিব পৰা গৈছে । হাতীৰ জাকটোৱে সোমবাৰে পুৱাৰে পৰা হাহিম এলেকাৰ মাজেৰে বৈ যোৱা শিংৰা নদীত গা ধুই থকা পৰিলক্ষিত হৈছে।
হাহিম বজাৰৰ সমীপত থকা বনবিভাগৰ কাৰ্যালয়ৰ বিষয়া-কৰ্মচাৰীয়ে হাতীৰ জাকটো খেদি পঠিয়াবলৈ সক্ষম হোৱা নাই।
আৰু পঢ়ক: অসম কৃষি বিশ্ববিদ্যালয়ত ৰাষ্ট্ৰীয় কৰ্মশালা আৰম্ভ