/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2021/12/ranoj-pegu-31.jpg)
ডিজিটেল সংবাদ,ছমৰীয়া : শুকুৰবাৰে গাৰো মাধ্যমৰ টেট উত্তীৰ্ণ শিক্ষকক সম্বৰ্ধনা জনাবলৈ অসমৰ শিক্ষামন্ত্ৰী উপস্থিত হয় কামৰূপ জিলাৰ বকো সমষ্টিৰ অন্তৰ্গত অসম-মেঘালয় সীমান্তৰ গোহালকোনাত। এই উপলক্ষে স্থানীয় যুৱ সমাজকৰ্মী তথা ৰাভা হাছংৰ প্ৰাক্তন কাৰ্যবাহী সদস্য জনছন জে ছাংমাৰ বিশেষ তৎপৰতাত গোহালকোনা কমিউনিটি হ'ল প্ৰাংগণত আয়োজিত এখনি গাম্বীৰ্যপূৰ্ণ সভাত গাৰো মাধ্যমৰ টেট উত্তীৰ্ণ ১৩ গৰাকী যুৱক- যুৱতীক শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে মুখ্য অতিথি হিচাবে অংশগ্ৰহন কৰি গামোছা, মানপত্ৰ,কিতাপৰ টোপোলা আদিৰে সম্বৰ্ধনা জনায় ৷
অনুষ্ঠানটোত মন্ত্ৰী গৰাকীক গোহালকোনা অঞ্চলৰ ৰাইজৰ পৰা বিপুল আদৰণি জনোৱা হয় ৷ ইয়াৰোপৰি এই পৰীক্ষাৰ্থী সকলৰ টেট উত্তীৰ্ণৰ ক্ষেত্ৰত বিশেষভাৱে অনলাইন যোগে লগতে গোহালকোনালৈ আহি প্ৰশিক্ষণ আগবঢ়োৱা দহ গৰাকী শিক্ষা বিশেষজ্ঞকো মন্ত্ৰী গৰাকীয়ে সম্বৰ্ধনা জনায়।সম্বৰ্ধনা অনুষ্ঠানটোত মন্ত্ৰী গৰাকীয়ে ভাষণ প্ৰসংগত কয়-শিক্ষা ব্যৱস্থা ভাল কৰিবলৈ হলে শিক্ষকৰ মানদণ্ড উন্নত হ'বই লাগিব।আগন্তক সময়ত শিক্ষক পদ অতিকে প্ৰতিযোগিতাপূৰ্ণ হ'ব৷
নিজৰ ভাষণত অহা বছৰৰ পৰা প্ৰাথমিক আৰু উচ্চ প্ৰাথমিক বিদ্যালয়ৰ শিক্ষক পদৰ নিম্নতম শিক্ষাগত অৰ্হতা স্নাতক হ'ব বুলি উল্লেখ কৰি নতুন শিক্ষানীতিয়ে শিক্ষা ক্ষেত্ৰত আনিবলগীয়া আমূল পৰিৱৰ্তনৰ ওপৰতো বিস্তৃত আলোকপাত কৰে।কামৰূপ জিলা প্ৰশাসনৰ সহযোগত গোহালকোনা ৰাইজ গয়ৰহৰ উদ্যোগত আয়োজিত এই সম্বৰ্ধনা অনুষ্ঠানত বকো সমষ্টিৰ বিধায়িকা নন্দিতা দাস,কামৰূপ জিলাৰ উপায়ুক্ত কৈলাশ কাৰ্তিক এন,অতিৰিক্ত উপায়ুক্ত কমল বৰুৱা,বিদ্যালয়সমূহৰ পৰিদৰ্শক তথা কামৰূপ জিলা প্ৰাথমিক শিক্ষা বিষয়া অপূৰ্ব ঠাকুৰীয়া,ৰাভা হাছং স্বায়ত্ব শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য টংকেশ্বৰ ৰাভা,গাৰো সাহিত্য সভাৰ সভাপতি সুৰজ ছাংমা, সম্পাদক জনবেৰী ছাংমা, উপদেষ্টা থাৰ্চুচ কে ছাংমা প্ৰমূখ্যে ভালেসংখ্যক বিশিষ্ঠ ব্যক্তি উপস্থিত থাকে।
ইপিনে,কামৰূপ জিলাৰ মাধ্যমিক আৰু প্ৰাথমিক শিক্ষা বিভাগৰ উদ্যোগত বকো জৱাহৰলাল নেহেৰু মহাবিদ্যালয়ত আয়োজিত আন এক বিশেষ অনুষ্ঠানতো শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুয়ে অংশগ্ৰহণ কৰে।উক্ত অনুষ্ঠানত মন্ত্ৰী গৰাকীয়ে কামৰূপ জিলাৰ পৰা অৱসৰ গ্ৰহণ কৰা ২৮ গৰাকী শিক্ষক- শিক্ষক কৰ্মচাৰীক আজিৰ দিনতে ছুটীৰ বেতন,জি আই এচ আদিৰ অনুমোদন পত্ৰ বিতৰণ কৰে৷ ছয়গাঁওঁ শিক্ষা খণ্ডৰ সহ শিক্ষক পল্লৱী পাঠকে আতধৰা অনুষ্ঠানটোত বকো সমষ্টিৰ বিধায়িকা নন্দিতা দাস,প্ৰাক্তন বিধাযক জ্যোতি প্ৰসাদ দাস,বকো জে এন কলেজৰ অধ্যক্ষ তপন দত্ত,কামৰূপ জিলাৰ অতিৰিক্ত উপায়ুক্ত কমল বৰুৱা, জিলা প্ৰাথমিক শিক্ষা বিষয়া অপূৰ্ব ঠাকুৰীয়া,ৰাভা হাছং স্বায়ত্ব শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য টংকেশ্বৰ ৰাভা প্ৰমূখ্যে ভালেসংখ্যক বিশিষ্ঠ ব্যক্তি উপস্থিত থাকে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us