বকোত বীৰ লাচিত বৰফুকনৰ ৪০০ সংখ্যক জন্ম জয়ন্তী উপলক্ষে ৰচনা প্ৰতিযোগিতা...

ছাত্ৰ-ছাত্ৰীৰ মাজত 'বীৰ লাচিত বৰফুকন' - শীৰ্ষক ৰচনা প্ৰতিযোগিতাৰ আয়োজন কৰে
boko
boko

ডিজিটেল সংবাদ, বকো : কামৰূপ জিলাৰ বকোত দেওবাৰে ৪০০ সংখ্যক বীৰ লাচিত বৰফুকনৰ জন্ম জয়ন্তী উপলক্ষে ৰচনা প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয়। জানিব পৰা মতে ৪৮নং বকো বিধান সভাসমষ্টিৰ অন্তৰ্গত বকোৰ টুৰুকপাৰাস্থিত টুৰুকপাৰা প্ৰাথমিক বিদ্যালয়ত কামৰূপ জিলা প্ৰশাসনে বকো আৰক্ষী থানাৰ উদ্যোগত ছাত্ৰ-ছাত্ৰীৰ মাজত 'বীৰ লাচিত বৰফুকন' - শীৰ্ষক ৰচনা প্ৰতিযোগিতাৰ আয়োজন কৰে। বকো থানাৰ ভাৰপ্ৰাপ্ত বিষয়া ফনীন্দ্ৰ নাথে মুকলি কৰা ৰচনা প্ৰতিযোগিতাত ৫৫ গৰাকী প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰে।

ৰাতিপুৱা ১০.৩০ বজাৰ পৰা ১১.৩০ বজালৈ অনুষ্ঠিত হোৱা ৰচনা প্ৰতিযোগিতাত বিচাৰকৰ আসনত বহে টুৰুকপাৰা প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক ৰূপেন ৰাভা, বকো শিক্ষাখণ্ডৰ সমল বিষয়া পংকজ দাস আৰু ধ্ৰুৱ ডেকাই । প্ৰতিযোগিতাত ছাত্ৰ-ছাত্ৰীক উদ্দেশ্যে কামৰূপ জিলা ৰাভা ছাত্ৰ সন্থাৰ সভাপতি অজিত ৰাভা, বকো আঞ্চলিক ৰাভা ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক দিব্য ৰাভা, বগাই সাংস্কৃতিক সন্ধিয়াৰ সাধাৰণ সম্পাদক চাংকিত বড়োকে ধৰি বিশিষ্ট ব্যক্তিয়ে শুভেচ্ছামূলক ভাষণ দিয়ে।

ৰচনা প্ৰতিযোগিতাত বিজয়ীৰ নাম অহা ২৪ নৱেম্বৰত ঘোষণা কৰা হ'ব আৰু তিনিটা শাখাত পুৰস্কাৰ দিয়া হ'ব বুলি আয়োজক সমিতিয়ে ঘোষণা কৰিছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in