বকোত ড্ৰাগছ সহ আটক দুই সৰবৰাহকাৰী

বকোত ড্ৰাগছ সহ আটক দুই সৰবৰাহকাৰী

author-image
asomiyapratidin
New Update
বকোত ড্ৰাগছ সহ আটক দুই সৰবৰাহকাৰী

ডিজিটেল সংবাদ,ছমৰীয়া: ৰাজ্যত প্ৰতিদিনে অব্যাহত আছে ড্ৰাগছৰ বিৰুদ্ধে ধাৰাবাহিক অভিযান।এইবাৰ দক্ষিন কামৰূপৰ বকোৰ সোনতলীত মঙলবাৰে নিশা বকো আৰক্ষীয়ে ড্ৰাগছ বেপাৰীৰ বিৰুদ্ধে চলালে অভিযান।

অভিযানত জব্দ ৫ টা ড্ৰাগছভৰ্তি কণ্টেইনাৰ আৰু আটক দুজন সৰবৰাহকাৰী।বকো আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ফনীন্দ্ৰ নাথৰ নেতৃত্বত চলিছিল এই অভিযান।

প্ৰাপ্ত তথ্য মতে আৰক্ষী বিষয়া ফনীন্দ্ৰ নাথে ড্ৰাগছ বেপাৰীৰ সৈতে বিভিন্ন কৌশল অৱলম্বন কৰি বহু সময়ৰ অন্তত ড্ৰাগছভৰ্তি কণ্টেইনাৰ সহ দুজন ড্ৰাগছ বেপাৰীক আটক কৰিবলৈ সক্ষম হয়।

আটকাধীন লোক দুজন উত্তৰ মাহতলীৰ স্বাহাদত আলী আৰু গৰৈমাৰী বিলৰজানৰ নজৰুল ইছলাম বুলি জানিব পৰা গৈছে। ইতিমধ্যে আটকাধীন লোক দুজনক বকো আৰক্ষী থানালৈ আনি জেৰা অব্যাহত ৰাখিছে আৰক্ষীয়ে।

আৰু পঢ়ক: নৃশংস! পুত্ৰই হত্যা কৰিলে পিতৃক…

drugs BOKO Assam police