/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2021/10/aimuhurto-khabar.jpg)
ডিজিটেল সংবাদ,ছমৰীয়া: কামৰূপৰ বকো আৰক্ষীৰ ড্ৰাগছৰ বিৰুদ্ধে অব্যাহত আছে মাৰাথান অভিযান।মঙলবাৰে নিশা এক গোপন খবৰ অনুসৰি বকোৰ ছাটাবাৰীত বকো আৰক্ষীয়ে এক অভিযান চলাই বৃহৎ পৰিমানৰ হেৰই'ন সহ এজন সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়।
বকো আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ফনীন্দ্ৰ নাথৰ নেতৃত্বত চলিছিল এই অভিযান।প্ৰাপ্ত তথ্য মতে ধৃত আলম আলীয়ে বকোৰ জামবাৰীৰ পৰা লামপাৰা অভিমুখে এখন এ এছ ২৫ টি ৮১৬৪ নম্বৰৰ স্কুটীৰে এজন লোকক বিক্ৰী কৰিবলৈ আনোতে হেৰই'ন খিনি জব্দ কৰে বকো আৰক্ষীয়ে।
জব্দ কৃত হেৰই'ন খিনিৰ ওজন ১৩.৪২০ গ্ৰাম আৰু হেৰই'ন খিনিৰ আনুমানিক বজাৰ মূল্য প্ৰায় এক লক্ষ্যাধিক টকা হব বুলি জানিব পৰা গৈছে।গ্ৰেপ্তাৰ হোৱা লোকজনৰ পৰা ইতিমধ্যে নগদ ধন ৩১০২০ টকা,মোবাইল ফোন ২টা,এখন স্কুটী জব্দ কৰিছে বকো আৰক্ষীয়ে।গ্ৰেপ্তাৰ হোৱা লোকজনৰ ঘৰ ছয়গাওঁৰ গৰৈমাৰী সত্ৰত বুলি জানিব পৰা গৈছে।ইতিমধ্যে গ্ৰেপ্তাৰ কৰা লোকজনক বকো আৰক্ষী থানালৈ আনি জেৰা অব্যাহত ৰাখিছে বকো আৰক্ষীয়ে।
আৰু পঢ়ক: বজ্ৰপাত: ২জনৰ মৃত্যু আহত ২…