/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-09/efa09b74-d9dd-4e4d-a2ca-380601c79708/boko1.jpg)
boko death
প্ৰতিদিন সেৱা, বকো : কামৰূপ জিলাৰ বকোত শুকুৰবাৰে নিশা এগৰাকী যুৱতীয়ে ৰে'লৰ সন্মুখত জপিয়াই আত্মহনন কৰা ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে । ঘটনাৰ বিৱৰণ মতে বকো থানাৰ অন্তৰ্গত ২নং দক্ষিণ ছেখাদাৰীগাঁৱৰ সভ্যা ৰাভা (২৩) নামৰ যুৱতী এগৰাকীয়ে কালি ১নং দক্ষিণ ছেখাদাৰীগাঁৱৰ যুৱক প্ৰিয়দেৱ ৰাভালৈ পলাই যায় ।
কিন্তু প্ৰিয়দেৱ ৰাভাৰ বায়েক আৰু ভিনিহিয়েকৰ বোৱাৰী হিচাপে সভ্যা ৰাভাক পছন্দ নোহোৱাত তেওঁলোকে শুকুৰবাৰে পলাশবাৰীৰ আন এগৰাকী যুৱতীক বোৱাৰী হিচাপে লৈ আহে । এই কথাত দুখ পাই নিশা প্ৰায় ১০ বজাত সভ্যা ৰাভাই ঘৰৰ কাষৰ কামাখ্যা-যোগীঘোপা ব্ৰডগজ ৰে'লপথেৰে চলাচল কৰা ৰে'লৰ সন্মুখত জপিয়াই আত্মহনন কৰে।