/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2021/10/aimuhurto-khabar.jpg)
ডিজিটেল সংবাদ, বকো : কামৰূপ জিলাৰ বকোত আজি এজন লোক গছৰ পৰা পৰি মৃত্যু হোৱা ঘটনাই চাঞ্চল্য সৃষ্টি কৰিছে । ঘটনাৰ বিৱৰণ মতে বকো দেওবাৰে অন্তৰ্গত টেপচিয়া গাঁৱৰ সঞ্জয় দাস (৩৮ ) নামৰ দিন হাজিৰা কৰি জীৱন নিৰ্বাহ কৰা লোকগৰাকীয়ে বকো আলোকজাৰীগাঁৱৰ আৰৱ আলীৰ ঘৰৰ গছত উঠি ডাল কাটি আছিল।
এনেতে হঠাত লোকগৰাকী গছৰ ওপৰৰ পৰা মাটিত সৰি পৰে । গুৰুতৰ ভাবে আহত সঞ্জয় দাসক আৰৱ আলীৰ পৰিয়ালৰ লোকে ততাতৈয়াকৈ ওচৰৰ ৩০ খন বিচনাযুক্ত বকো গ্ৰাম্য চিকিৎসালয়ত ভৰ্তি কৰাই যদিও চিকিৎসকে সঞ্জয় দাসৰ ইতিমধ্যে মৃত্যু হোৱা বুলি ঘোষণা কৰে ।