বকোৰ নৃত্য শিল্পী কৈলাশ ৰাভাৰ সাংস্কৃতিক যাত্ৰা…

বকোৰ নৃত্য শিল্পী কৈলাশ ৰাভাৰ সাংস্কৃতিক যাত্ৰা…

author-image
asomiyapratidin
New Update
বকোৰ নৃত্য শিল্পী কৈলাশ ৰাভাৰ সাংস্কৃতিক যাত্ৰা…

ডিজিটেল সংবাদ, বকো : নৃত্যৰ জৰিয়তে সাংস্কৃতিক জগতত প্ৰৱেশ কৰা কামৰূপ জিলাৰ বকোৰ নৃত্য শিল্পী কৈলাশ ৰাভাই জীৱনৰ বিভিন্ন ঘাট-প্ৰতিঘাটৰ মাজেৰে নৃত্যৰ সাধনা অব্যাহত ৰাখিছে । ৪৮নং বকো বিধান সভা সমষ্টিৰ অন্তৰ্গত কদমপাৰা গাঁৱৰ বলোৰাম ৰাভা আৰু কৰ্মেশ্বৰী ৰাভাৰ প্ৰথম পুত্ৰ কৈলাশ ৰাভাৰ নৃত্যৰ প্ৰতি সৰুৰে পৰা আকৰ্ষণ। যাৰ বাবে ২০০৫ ইংচনত ঘৰৰ পৰা কিছু নিলগৰ নৃত্য শিল্পী মনোজ দাসৰ ওচৰত নৃত্য শিকিবলৈ আৰম্ভ কৰে ।

Advertisment

একেৰাহে চাৰি বছৰ ধৰি কৈলাশ ৰাভাই মনোজ দাসৰ ওচৰত নৃত্যৰ শিক্ষাগ্ৰহণ কৰে । পৰৱৰ্তী পৰ্যায়ত গুৱাহাটী মালিগাঁৱৰ নেকিব ডান্স ফেক্টৰ নামৰ নৃত্যৰ শিক্ষানুষ্ঠানখনত তিনি বছৰ নৃত্যৰ প্ৰশিক্ষণ লয় । ৭বছৰে নৃত্যৰ শিক্ষা গ্ৰহণ কৰি অভিজ্ঞতা পুষ্ট কৈলাশ ৰাভাই প্ৰভাতী ঢুলীয়া দল আৰু বিষ্ণু ঢুলীয়া দলকে ধৰি দুটাকৈ ঢুলীয়া দলৰ নৃত্য পৰিচালনা কৰি আহিছে ।

ইয়াৰ লগতে ৰংদৈ নাট্য পৰিষদ আৰু মঞ্চৰূপা নাট্য পৰিষদ নামৰ যাত্ৰা নাট্য দল দুটাৰো নৃত্য পৰিচালনা কৰে। কেৱল নৃত্য পৰিচালনা কৰাতে সীমাবদ্ধ নাথাকি ২০১০ চনত গোৱালপাৰা জিলাৰ কোঠাকুঠিত গোল্ডেন ডান্স ইনষ্টিটিউট নামেৰ এখন নৃত্যৰ শিক্ষানুষ্ঠান আৰম্ভ কৰিছিল।

নৃত্যৰ শিক্ষানুষ্ঠানখনত তিনি বছৰে বহু শিক্ষাৰ্থীক নৃত্য শিকোৱাৰ পিছত বিশেষ অসুবিধাৰ বাবে শিক্ষানুষ্ঠানখন বন্ধ কৰিবলৈ বাধ্য হয়। পুন ২০১৭ চনৰ পৰা ৰিডম ডান্স ফেক্টৰ নামেৰে নৃত্যৰ শিক্ষানুষ্ঠান এখন আৰম্ভ কৰিছে । বকোৰ চুকুনীয়াপাৰাত আৰম্ভ কৰা নৃত্যৰ শিক্ষানুষ্ঠানখন আৰম্ভ কৰাৰ পিছৰ সময়ছোৱাত ক'ৰণাকে ধৰি বিভিন্ন দুৰ্যোগে আগুৰি ধৰিছে যদিও তাক প্ৰত্যাহ্বান হিচাপে গ্ৰহণ কৰি নৃত্য শিল্পীগৰাকীয়ে কিছুদিন আগতে ১০ দিনীয়া কৰ্মশালা অনুষ্ঠিত কৰে।

যি কৰ্মশালাত অসমৰ আগশাৰীৰ অভিনেত্ৰী বৰষাৰাণী বিষয়াই নৃত্যৰ প্ৰশিক্ষণ প্ৰদান কৰিছিল। সাংস্কৃতিক ক্ষেত্ৰখনত নিজৰ লগতে একেলগে আন দহগৰাকীক আগুৱাই নিয়াৰ লক্ষ্য যদিও আৰ্থিক দুৰৱস্থাৰ বাবে নৃত্যশিল্পী কৈলাশ ৰাভাই কিছু হ'লেও স্থবিৰ হৈ পৰিব লগা হৈছে । গাঁৱে -ভূঞে থকা কৈলাশ ৰাভাৰ দৰে শিল্পীক চৰকাৰে সু-দৃষ্টি দিলে সাংস্কৃতিক ক্ষেত্ৰখনে অন্য এক মাত্ৰা ল'ব সেয়া নিশ্চিত।

assam guwahati