/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-09/1aeb9b58-d300-49d3-8a30-4e5104bac05b/agranii.jpg)
boko couple incident
ডিজিটেল সংবাদ, বকো : বকোত পুনৰ অসম- মেঘালয় সীমাক কেন্দ্ৰ কৰি এহাল দম্পতীক অসমবিদ্বেষীৰ দলবদ্ধ আক্ৰমণ । বকোৰ শুকুৰবৰীয়া সাপ্তাহিক গামেৰীমূৰা বজাৰৰ পৰা সীমান্তৱৰ্তী আপাৰ তাৰাবাৰীগাঁৱৰ দম্পতী স্বপন চাংমা আৰু জুলথা মাৰাকে ঘৰলৈ গৈ থাকোতে নিশা প্ৰায় পোন্ধৰজনীয়া দল এটাই বাটত দম্পতী হালক দলবদ্ধ আক্ৰমণ কৰে ।
ফলত দুয়ো গুৰুতৰভাবে আহত হয়। নিশাই ৩০খন বিচনাযুক্ত বকো গ্ৰাম্য চিকিৎসালয়ত দুয়োকে চিকিৎসাৰ বাবে ভৰ্তি কৰোৱা হয় । জানিবপৰা মতে দম্পতীহালে মেঘালয়ক সমৰ্থন নকৰাৰ বাবেই অসমবিদ্বেষী চক্ৰৰ এনে আক্ৰমণ।