/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2022/03/WhatsApp-Image-2022-03-08-at-5.27.49-PM.jpeg)
ডিজিটেল সংবাদ,বকো: কামৰূপ জিলাৰ বকোত বনবিভাগৰ বনকৰ্মীৰ গুলিত নিহত হোৱা কন্যা শিশু গৰাকীৰ বাবে মঙলবাৰে শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন কৰা হয় । ৪৮নং বকো বিধান সভাসমষ্টিৰ বকো থানাৰ অন্তৰ্গত কুকুৰমাৰা গাঁৱৰ শিশুটিৰ ঘৰত আয়োজন কৰা শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত শিশুটিৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন কৰি আত্মৰ চিৰশান্তিৰ বাবে ৰাইজে ১মিনিট মৌন প্ৰাৰ্থনা জনায় ।
শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত অংশ গ্ৰহণ কৰে স্থানীয় বিধায়িকা নন্দিতা দাস,বকো খণ্ড উন্নয়ন বিষয়া অৰ্ণব কুমাৰ বৰুৱা ,বন্দাপাৰা বনাঞ্চলিক বিষয়াৰ কাৰ্যালয়ৰ বিষয়া ৰিংকুমণি বৰাৰ লগতে বহু কেইটা সমাজ-সংগঠনৰ নেতা-কৰ্মী সকলে ।উল্লেখযোগ্য যে যোৱা ১০ ডিচেম্বৰত বকোৰ কুকুৰমাৰা গাঁৱৰ খেতিপথাৰত বনৰীয়া হাতী খেদি পঠিয়াবলৈ বনবিভাগৰ কৰ্মীয়ে গুলি চলাইছিল ।বনবিভাগৰ গুলিত মাকৰ কোলাত উঠি খেতিপথাৰত হাতী চাবলৈ যোৱা দুবছৰীয়া কন্যা শিশুৰ গাত গুলি লাগিছিল । যাৰ ফলত লগে লগে মৃত্যু হৈছিল শিশুটিৰ।
এই ঘটনাৰ পিছতে আৰছু , আবছুকে ধৰি বিভিন্ন সমাজ-সংগঠনে শিশুটিৰ মৃত্যুৰ ঘটনাৰ তদন্ত বিচাৰি ঘটনাৰ লগত জড়িতক শাস্তিৰ দাবীত পথ অৱৰোধ, প্ৰতিবাদী সভাকে ধৰি বিভিন্ন প্ৰতিবাদী কাৰ্যসূচীৰে বকোৰ পৰিৱেশ উত্তাল কৰি তুলিছিল। ৰাইজৰ দাবীত শিশুটিৰ মৃত্যুৰ ঘটনাত জড়িত দুগৰাকী বনকৰ্মীক গ্ৰেপ্তাৰ কৰি জে'ললৈ প্ৰেৰণ কৰিছিল।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
 Follow Us
 Follow Us