/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-10/68a50051-885a-4654-a8ab-b50dc1295a7a/boko.jpg)
boko
ডিজিটেল সংবাদ, বকো : কামৰূপ জিলাৰ বকোত চিত্ৰ শিল্পী এগৰাকীক বৃহস্পতিবাৰে অৱসৰপ্ৰাপ্ত বনবিষয়াই আৰ্থিক সাহাৰ্য্য আগবঢ়ায়। ৪৮নং বকো বিধান সভা সমষ্টিৰ অন্তৰ্গত বৰপাৰাগাঁৱৰ চিত্ৰ শিল্পী পূৰ্ণিমা পাল যোৱা এবছৰ ধৰি জটিল কৰ্কট ৰোগৰ লগতে গল্ভ ব্লাডাৰ ৰোগত আক্ৰান্ত হৈ আছে ।
চিত্ৰ শিল্পীগৰাকীক উন্নত চিকিৎসাৰ বাবে সম্প্ৰতি ধনৰ প্ৰয়োজন । বৃহস্পতিবাৰে বনবিভাগৰ অৱসৰপ্ৰাপ্ত বিষয়া তথা বকো বিধান সভা সমষ্টিৰ বিধায়িকা নন্দিতা দাসৰ স্বামী ভৱেশ চন্দ্ৰ দাসে চিত্ৰ শিল্পীগৰাকীৰ বাসগৃহত উপস্থিত হৈ চিকিৎসাৰ বাবে দহ হাজাৰ টকাৰ আৰ্থিক সাহাৰ্য আগবঢ়ায় ।
চিত্ৰশিল্পীগৰাকীয়ে অংকন কৰা বিধায়কা নন্দিতা দাসৰ ছবি এখন আৰু 'আকাশ' - নামৰ কবিতাপুথি এখন ভৱেশ চন্দ্ৰ দাসৰ হাতত অৰ্পণ কৰে । উল্লেখযোগ্য যে বকোৰ চিত্ৰশিল্পী পূৰ্ণিমা পালে অংকন কৰা ছবি বিভিন্ন ঠাইত সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছে ।
চিত্ৰ শিল্পীগৰাকীয়ে চন্দ্ৰকলা একাডেমী নামৰ ছবিৰ বিদ্যালয় এখনো চলাই আহিছে । ইতিমধ্যে চিত্ৰশিল্পীগৰাকীক ৰাভা হাছং স্বায়ত্ত শাসিত পৰিষদৰ তৰফৰ পৰা কাৰ্যবাহী সদস্য সুমিত ৰাভাই পঞ্চাশ হাজাৰ টকা আৰ্থিক সাহাৰ্য্য আগবঢ়ায় ।