বকো আৰক্ষী থানাৰ উদ্যোগত বিশাল বাইক ৰেলী…

বকো আৰক্ষী থানাৰ উদ্যোগত বিশাল বাইক ৰেলী…

author-image
asomiyapratidin
New Update
বকো আৰক্ষী থানাৰ উদ্যোগত বিশাল বাইক ৰেলী…

ডিজিটেল সংবাদ, বকো: কামৰূপ জিলাৰ বকোত ৭৫ সংখ্যক স্বাধীনতা দিৱস উপলক্ষে অমৃত মহোৎসৱ উদযাপন। শুকুৰবাৰে বকো আৰক্ষী থানাৰ উদ্যোগত আৰক্ষী বাহিনী, গাওঁৰক্ষী বাহিনীৰ লগতে ৰাইজে বকোত এক বিশাল মটৰচাইকেল সমদল উলিয়াই।

Advertisment

শ শ লোকৰ অংশ গ্ৰহণেৰে মটৰচাইকেল সমদলটো বকো আৰক্ষী থানাৰ পৰা আৰম্ভ কৰি ভালুকঘাটা, ছমৰীয়া হৈ সোণতলীলৈ বৃহৎ এলেকাক সামৰি পুনৰ বকোলৈ ঘূৰি আহে। এই বিশাল মটৰচাইকেল সমদলত অংশ গ্ৰহণ কৰি জাতীয় পতাকা লৈ 'ভাৰত মাতা কী জয়', 'বন্দে মাতৰম' আদি দেশপ্ৰেম মূলক শ্লোগানেৰে আকাশ বতাহ মুখৰিত কৰি তোলে।

আৰু পঢ়ক : নগাঁৱত আন্ত:ৰাষ্ট্ৰীয় যুৱ দিৱস উদযাপন…

assam Assam police bjp BOKO