boko
boko

বামুণীগাঁও শিল্পী সমাজ আৰু ঐক্যতানৰ যুটীয়া উদ্যোগত বনগাঁৱত ভূপেন্দ্ৰ সংগীত প্ৰতিযোগিতা...

দেওবাৰে দ্বিতীয় দিনা 'ক' আৰু 'খ ' শাখাত ভূপেন্দ্ৰ সংগীত প্ৰতিযোগিতা অনুষ্ঠিত হয়

ডিজিটেল সংবাদ, বকো : কামৰূপ জিলাৰ বনগাঁৱত বামুণীগাঁও শিল্পী সমাজ আৰু ঐক্যতানৰ যুটীয়া উদ্যোগত দুদিনীয়াকৈ আয়োজন কৰা সুধাকণ্ঠ ড৹ ভূপেন হাজৰিকাৰ স্মৃতি দিৱসৰ লগত সংগতি ৰাখি দেওবাৰে দ্বিতীয় দিনা 'ক' আৰু 'খ ' শাখাত ভূপেন্দ্ৰ সংগীত প্ৰতিযোগিতা অনুষ্ঠিত হয় ।

ভূপেন্দ্ৰ সংগীত প্ৰতিযোগিতা উদ্বোধন কৰে বকো সংগীত মহাবিদ্যালয়ৰ অধ্যক্ষ নগেন কলিতাই । ১৪ বছৰ বয়সৰ অনুৰ্ধৰ 'ক' শাখাত ৩১ গৰাকী আৰু যিকোনো বয়সৰ বাবে মুকলি 'খ' শাখাত ১১ গৰাকী প্ৰতিযোগীয়ে অংশ গ্ৰহণ কৰে ।

'ক' শাখাত প্ৰথম পুৰস্কাৰ প্ৰয়াত বিপিন চন্দ্ৰ ভৰালী সোঁৱৰণী বঁটা লাভ কৰে বৈভৱ মজুমদাৰ, দ্বিতীয় পুৰস্কাৰ প্ৰয়াত বুধিৰাম বড়ো সোঁৱৰণী বঁটা লাভ কৰে প্ৰতীক্ষা বড়ো আৰু তৃতীয় পুৰস্কাৰ প্ৰয়াত দুলাল চন্দ্ৰ পাল সোঁৱৰণী বঁটা লাভ কৰে যুগশ্ৰী ৰাভাই ।

'খ' শাখাত প্ৰথম পুৰস্কাৰ প্ৰয়াত বিলাত কলিতা সোঁৱৰণী বঁটা লাভ কৰে বেদশ্ৰী কলিতা, দ্বিতীয় পুৰস্কাৰ প্ৰয়াত ভাৰত কলিতা সোঁৱৰণী বঁটা লাভ কৰে মুৰ্ছনা দাস আৰু তৃতীয় পুৰস্কাৰ প্ৰয়াত হৰকান্ত কলিতা সোঁৱৰণী বঁটা লাভ কৰে চিন্ময় দাসে।

প্ৰতিযোগিতাৰ মাজে মাজে আয়োজক সমিতিৰ বিষয়াববীয়াৰ লগতে সদস্যই ভূপেন্দ্ৰ সংগীত পৰিৱেশন কৰি ৰাইজ মনোৰঞ্জন দিবলৈ সক্ষম হয় ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in