বকোত ৰাইজে সাজি উলিয়ালে বাঁহৰ দলং…

বকোত ৰাইজে সাজি উলিয়ালে বাঁহৰ দলং…

author-image
asomiyapratidin
New Update
বকোত ৰাইজে সাজি উলিয়ালে বাঁহৰ দলং…

ডিজিটেল সংবাদ, বকো: কামৰূপ জিলাৰ বকোত ৰাইজে পথ এটা মেৰামতি কৰে । জানিব পৰা মতে ৪৮নং বকো বিধান সভা সমষ্টিৰ অন্তৰ্গত ঢেকীয়াবড়ীগাঁৱত থকা পাৱাৰ হাউছৰ সন্মুখৰ পৰা নেপালীপাৰা হৈ শিচাপীঠ গাঁও সংযোগী প্ৰায় ডেৰ কিলোমিটাৰ দৈৰ্ঘ্যৰ পথৰ সোণাইডোঙা নদীৰ ওপৰৰ অংশ নদীৰ পানীয়ে যোৱা জুন মাহত খহাই নিয়ে ।

পথটোৰ ওপৰেৰে যোৱা দুটা মাহে ৰাইজে বিপদসংকুল ভাবে যাতায়ত কৰি আহিছিল। পানীয়ে খহাই নিয়া অংশটোত চৰকাৰে দলং এখন নিৰ্মাণ কৰি যাতায়তৰ বাবে সুবিধা দিব বুলি ৰাইজে আশা কৰিছিল। কিন্ত ইমান দিনে পথৰ ভঙা অংশটোত দলং সাজি দিয়াৰ ক্ষেত্ৰত চৰকাৰে কোনো ধৰণৰ পদক্ষেপ গ্ৰহণ নকৰাত স্থানীয় ৰাইজে যোৱা ১৮ আগষ্টত ঢেকীয়াবড়ীগাঁৱৰ ৰাইজে নিজৰ নিজৰ জেপৰ ধন খৰছ কৰি বাঁহৰ সাঁকো এখন সাজি ল'বলৈ বাধ্য হয় ।

ঢেকীয়াবড়ীগাঁৱৰ গাঁৱৰ ৰাইজে ঘৰে ঘৰে বাঁহ আৰু গছৰ টুকুৰা সংগ্ৰহ কৰি পথটোৰ ওপৰত এখন সাকোঁ সাজি লৈছে । এই সাকোঁ সাজি উলিওৱা কামত প্ৰায ৬০গৰাকী লোকে জড়িত হৈছিল।

assam himanta biswa sarma