/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2022/08/boko-road.jpg)
ডিজিটেল সংবাদ, বকো : কামৰূপ জিলাৰ বকোত বুধবাৰে ৰাইজে পথ মেৰামতি কৰে । ৪৮নং বকো বিধান সভা সমষ্টিৰ অন্তৰ্গত খলিহাকোঠ আৰু ৰাজনগৰ গাঁৱলৈ সোমাই যোৱা গ্ৰাম্য পথটো সম্প্ৰতি বোকা-পানীৰে ভৰি পৰিছে।
শিংৰা-তাৰাবাৰী গড়কাপ্তানী পথ সংলগ্ন যিটো পথেৰে খলিহা হাইস্কুল, খলিহা মধ্য ইংৰাজী বিদ্যালয় , ৰাজনগৰ প্ৰাথমিক বিদ্যালয় , খলিহাকোঠ প্ৰাথমিক বিদ্যালয় আৰু খলিহা শংকৰদেৱ শিশু বিদ্যা নিকেতনকে ধৰি ছয়খন শিক্ষানুষ্ঠানৰ ছাত্ৰ-ছাত্ৰীয়ে দৈনিক শিক্ষানুষ্ঠানলৈ অহা-যোৱা কৰে ।
খলিহা হাইস্কুল আৰু খলিহা মধ্য ইংৰাজী বিদ্যালয়ৰ মাজেৰে থকা গ্ৰাম্য পথটো খলিহাকোঠ ৰাজনগৰ নিউ স্পোৰ্টচ ক্লাৱৰ সৌজন্যত ৰাইজে মেৰামতি কৰে ।
আৰু পঢ়ক : বাসুগাঁও পৌৰসভাৰ উদ্যোগত বিশাল ত্ৰিৰংগা সমদল