/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-11/c16f32d0-5ec0-4a02-baa0-d379e8bd2980/bbbb.jpg)
boko
ডিজিটেল সংবাদ, বকো : কামৰূপ জিলাৰ বকোত শিল্পী উত্তম ৰাভাক দেওবাৰে 'বীৰ সন্দে ডাকুৱা বঁটা' প্ৰদান কৰে। 'সংগ্ৰাহলয় আৰু প্ৰত্নতাত্ত্বিক সমাজ' নামৰ সংগঠন এটাই ৪৮নং বকো বিধান সভা সমষ্টিৰ অন্তৰ্গত বেলপাৰাগাঁৱৰ উত্তম ৰাভাক এই বঁটাৰে সন্মানিত কৰে ।
সংগঠনটোৱে এইবাৰ পোন প্ৰথমবাৰৰ বাবে এই বঁটা আগবঢ়োৱাৰ পদক্ষেপ গ্ৰহণ কৰিছিল । ৰাভা হাছং স্বায়ত্ত শাসিত পৰিষদৰ প্ৰাক্তন মুখ্যকাৰ্যবাহী ডা: শৰৎ চন্দ্ৰ ৰাভাৰ বকোৰ বাসগৃহত শিল্পীগৰাকীক বীৰ সন্দে ডাকুৱা বঁটাৰে সন্মানিত কৰে ।
এই বঁটাত আছে এখন ৰাভা পাজাৰ, এখন অভিনন্দন পত্ৰ, এটা স্মাৰক আৰু নগদ দহ হাজাৰ টকা। বঁটাৰ লগত থকা নগদধন আগবঢ়াইছে বিশিষ্ট চিকিৎসক ডা৹ সুৰেশ চন্দ্ৰ ৰাভাই । বঁটাপ্ৰাপ্ত শিল্পী উত্তম ৰাভাই যোৱা ৩০ বছৰ ধৰি যাত্ৰা নাট্যদলত কণ্ঠশিল্পী হিচাপে সেৱা আগবঢ়াইছে ।
১০ বিধৰো অধিক বাদ্যযন্ত্ৰ সঙ্গত কৰাত পাৰদৰ্শী বকোৰ আৰ্থিকভাবে অতি দুৰ্বল ৬৫ বছৰীয়া শিল্পী উত্তম ৰাভাই আজিলৈ চৰকাৰী স্বীকৃতি লাভ কৰা নাই । উল্লেখযোগ্য যে মান আৰু ইংৰাজৰ বিৰুদ্ধে যুঁজ দি মাতৃভূমিক ৰক্ষা কৰিবলৈ বীৰদৰ্পে দক্ষিণপাৰত ৰাভা, গাৰো আৰু খাছীয়া বিদ্ৰোহৰ সূচনা কৰা বীৰ সন্দে ডাকুৱা ইতিহাসত অপেক্ষিত হৈ আছে ।
/asomiyapratidin/media/agency_attachments/2024/11/06/2024-11-06t103056273z-dwa-ad-banner-2024-300x250.png)
Follow Us