/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-11/1ffee279-d0a7-44b1-9c07-de29c61936fe/boko.jpg)
boko artist
ডিজিটেল সংবাদ, বকো : কামৰূপ জিলাৰ বকোৰ শিল্পী উত্তম ৰাভালৈ আগবঢ়োৱা হৈছে 'বীৰ সন্দে ডাকুৱা বঁটা' । এই বঁটা আগবঢ়াইছে সংগ্ৰাহলয় আৰু প্ৰত্নতাত্ত্বিক সমাজ নামৰ সংগঠন এটাই।
সংগঠনটোৱে এইবাৰ পোন প্ৰথমবাৰৰ বাবে আগবঢ়াইছে এই বঁটা । দেওবাৰে ৰাভা হাছং স্বায়ত্ত শাসিত পৰিষদৰ প্ৰাক্তন কাৰ্যবাহী ডা• শৰৎ চন্দ্ৰ ৰাভাৰ বকোৰ বাসগৃহত শিল্পীগৰাকীক প্ৰদান কৰা হ'ব বঁটা।
বীৰ সন্দে ডাকুৱা বঁটাত আছে এখন ৰাভা পাজাৰ, এখন অভিনন্দন পত্ৰ, এটা স্মাৰক আৰু নগদ দহ হাজাৰ টকা। উল্লেখযোগ্য যে ৪৮নং বকো বিধান সভাসমষ্টিৰ অন্তৰ্গত বেলপাৰাগাঁৱৰ শিল্পী উত্তম ৰাভাই ৩০বছৰ ধৰি যাত্ৰা নাট্যদলত কণ্ঠশিল্পী হিচাপে সেৱা আগবঢ়াইছে ।
প্ৰায় ১০ বিধ বাদ্যযন্ত্ৰ সঙ্গত কৰাত পাৰদৰ্শী বকোৰ শিল্পী উত্তম ৰাভাই চৰকাৰীভাবে স্বীকৃতি লাভকৰা নাই ।