বকোত দুটাকৈ ভয়াৱহ পথ দুৰ্ঘটনা, সংকটজনক অৱস্থাত ৫ জনক জি.এম.চি.এইছলৈ প্ৰেৰণ...

বকোৰ টুৰুকপাৰা আৰু লামপাৰা বীৰপাৰাত সংঘটিত হয় দুটাকৈ ভয়াৱহ পথ দুৰ্ঘটনা।

author-image
Asomiya Pratidin
New Update
বকোত দুটাকৈ ভয়াৱহ পথ দুৰ্ঘটনা, সংকটজনক অৱস্থাত ৫ জনক জি.এম.চি.এইছলৈ প্ৰেৰণ...

boko accident

ডিজিটেল সংবাদ, ছমৰীয়া :- বকোৰ টুৰুকপাৰা আৰু লামপাৰা বীৰপাৰাত সংঘটিত হয় দুটাকৈ ভয়াৱহ পথ দুৰ্ঘটনা। বাইক আৰু মাৰুতী চুইফট বাহনৰ মুখামুখি সংঘৰ্ষত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয় দুজন বাইক আৰোহী। ইফালে বাইক আৰু ই-ৰিক্সাৰ মুখামুখি সংঘৰ্ষত আঘাতপ্ৰাপ্ত হয় এজন বাইক আৰোহী আৰু ই-ৰিক্সা আৰোহী মহিলাসহ ৩ জন।

Advertisment

লামপাৰাৰ দুৰ্ঘটনাত আঘাতপ্ৰাপ্ত বাইক আৰোহী দুজন ৰঘুনাথ বড়ো আৰু নাৰায়ন তেৰন। টুৰুকপাৰাৰ দুৰ্ঘটনাৰ আঘাতপ্ৰাপ্ত বাইক আৰোহী অনুপম বড়ো আৰু ই ৰিক্সাত থকা তিনিওজন আৰোহী হ'ল নিলাক্ষী দাস আৰু চামিনুল ইছলাম, আব্দুল ৰেজ্জাক।

লামপাৰা বীৰপাৰাত সংঘটিত হোৱা দুৰ্ঘটনাত পতিত হোৱা বাইক খনৰ নম্বৰ AS 02 FD 2871 আৰু ছুইফট বাহন খনৰ নম্বৰ AS 01 EN 0959। ঘটনাস্থলীত উপস্থিত হয় বকো আৰক্ষী।

assam accident BOKO