বকোত পথ দুৰ্ঘটনা, ১৭ গৰাকীৰ অৱস্থা অতি সংকটজনক...

কামৰূপ জিলাৰ বকোত সোমবাৰে এক ভয়াৱহ পথ দুৰ্ঘটনা সংঘটিত হয়

author-image
Asomiya Pratidin
New Update
বকোত পথ দুৰ্ঘটনা, ১৭ গৰাকীৰ অৱস্থা অতি সংকটজনক...

boko accident

ডিজিটেল সংবাদ, বকো : কামৰূপ জিলাৰ বকোত সোমবাৰে এক ভয়াৱহ পথ দুৰ্ঘটনা সংঘটিত হয় । ঘটনাৰ বিৱৰণ মতে বকো থানাৰ অন্তৰ্গত ৰাজাপাৰা চ'কত গুৱাহাটী অভিমুখী এএচ-০১ / এল চি - ৯০৪১ নম্বৰৰ আল্ট্ৰা বাছ এখনে বিপৰীত দিশৰপৰা আহি থকা এএচ-১৮ /এফ-৭৪৯১ নম্বৰৰ পালচাৰ বাইকখন বচাবলৈ গৈ পথৰ দাঁতিত থকা গছ এজোপাত তীব্ৰ বেগেৰে খুন্দিয়াই ।

Advertisment

ফলত আল্ট্ৰা বাছখনৰ চালকসহ ১৭গৰাকী যাত্ৰী গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয় । স্থানীয় ৰাইজে আৰক্ষীৰ সহায়ত ততাতৈয়াকৈ আঘাতপ্ৰাপ্ত লোক কেইজনক দুৰ্ঘটনাস্থলীৰ পৰা উদ্ধাৰ কৰা চিকিৎসাৰ বাবে বকো গ্ৰাম্য চিকিৎসালয়ত ভৰ্তি কৰে ।

ইয়াৰে চালকসহ চাৰিজনৰ অৱস্থা অতি সংকটজনক হোৱাত উন্নত চিকিৎসাৰ বাবে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰা হয়। উল্লেখ্য যে বাইকসহ চালকৰ কোনো ধৰণৰ ক্ষয়-ক্ষতি নহ'ল বুলি জানিব পৰা গৈছে ।

assam accident BOKO guwahati