/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2022/08/bokakhatt.jpg)
ডিজিটেল সংবাদ, বোকাখাত : বোকাখাতৰ নাহৰজান চাহ বাগিছাত বিজেপি চৰকাৰৰ ঘৰ ঘৰ নল, ঘৰ ঘৰ জল আঁচনিয়ে কোনোপধ্যেই উপকাৰ সাধিব পৰা নাই সাধাৰণ ৰাইজৰ। এই অভোযোগ স্থানীয় ৰাইজৰ। অঞ্চলটোত বোকাখাত জনস্বাস্থ্য কাৰিকৰী বিভাগৰ অধীনত ১ কোটি ৩০ লাখৰো অধিক ধনেৰে ৰূপায়ন কৰা পানী যোগান আঁচনিৰ নামত সামৰি লোৱা হৈছিল ৩৫০টাৰো অধিক পৰিয়ালক।
পিছে আঁচনি ৰূপায়ন হোৱাৰ পাছতো ৩৫০টা পৰিয়ালে সঠিকভাৱে পানী যোগান লাভ নকৰাৰ লগতে যথেষ্ঠ সংখ্যক পৰিয়ালেই ইতিমধ্যে বাদ পৰি ৰৈছে উক্ত আঁচনিৰ পৰা। যাৰ পৰিপ্ৰেক্ষিতত দূৰ দূৰণিৰ পৰা পানী সংগ্ৰহ কৰি তৃষ্ণা নিৰ্বাৰণৰ লগতে অন্যান্য কাম কাজ সমাধা কৰিব লগা হৈছে ভুক্তভোগী ৰাইজে।
ইফালে নিম্নমানৰ কাৰিকৰী সম্পাদনাৰে আঁচনিৰ নামত লুন্ঠন চলোৱাৰো অভিযোগ উত্থাপিত হৈছে বিভাগীয় ঠিকাদাৰৰ বিৰুদ্ধে। উল্লেখযোগ্য যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ নেতৃত্বত ২০১৯ চনতে দেশত আৰম্ভ হৈছিল জল জীৱন মিছন আঁচনি। তাৰ উদ্দেশ্য আছিল দেশৰ গ্ৰামাঞ্চলত ঘৰে ঘৰে লাভ কৰিব বিশুদ্ধ খোৱা পানী। অসমতো ৰূপায়ন কৰা হ'ল এই আঁচনি।
পিছে ঘৰে ঘৰে নল, ঘৰে ঘৰে জল দিয়াৰ প্ৰতিশ্ৰুতি কিমান দূৰ সফল হৈছে তাক লৈ এতিয়া প্ৰশ্ন উদয় হৈছে সচেতন ৰাইজৰ মনত। এক অভিলাষী আঁচনি সন্মুখত লাভ কৰিও সংশ্লিষ্ট বিভাগৰ নিৰ্লিপ্ততা তথা বিভাগীয় ঠিকাদাৰৰ অৱহেলাৰ বাবেই উপকৃত হোৱাতকৈ অসন্তুষ্টিহে বৃদ্ধি পাইছে এতিয়া বোকাখাতৰ নাহৰজান অঞ্চলৰ শ্ৰমিক ৰাইজৰ মাজত।
ইফালে অনিয়মীয়া পানী যোগান সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি বোকাখাতৰ মহকুমাধিপতিৰ লগতে জনস্বাস্থ্য কাৰিকৰী বিভাগক শীঘ্ৰেই ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে আটছাৰ বাগিছা সংঘই।
আৰু পঢ়ক : বিদ্যুৎস্পৃষ্ট হৈ যুৱকৰ মৃত্যু…