নিয়ন্ত্রণ হেৰুৱাই ধাননি পথাৰত বাগৰিল স্কুল বাছ, গুৰুতৰভাৱে আহত দুগৰাকী ছাত্ৰী...

খুমটাইৰ বৰপথাৰত সংঘটিত হৈছে পথ দুৰ্ঘটনা
bokakhat
bokakhat

ডিজিটেল ডেস্ক : খুমটাইৰ বৰপথাৰত সংঘটিত হৈছে পথ দুৰ্ঘটনা। নিয়ন্ত্রণ হেৰুৱাই ধাননি পথাৰত বাগৰি পৰিল স্কুল বাছ। উল্লেখ্য যে বোকাখাত আৰোহন একাডেমীৰ ছাত্র-ছাত্রী আছিল বাছখন। দুৰ্ঘটনাৰ ফলত বাছখনত থকা দুগৰাকী ছাত্ৰী গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছে। দুৰ্ঘটনাত আহত হোৱা দুগৰাকী ছাত্রীক ইতিমধ্যে চিকিৎসালয়লৈ প্রেৰণ কৰা হৈছে।

জানিব পৰা মতে গৰিয়া বৰপথাৰৰ পৰা বোকাখাতলৈ গৈ আছিল বাছখন। উল্লেখ্য যে মাটি অনা ট্রেক্টৰৰ বাবে দুৰ্ঘটনা সংঘটিত হোৱাৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে। ইতিমধ্যে ঘটনাস্থলীত কমাৰগাঁও আৰক্ষীয় উপস্থিত হৈ জব্দ কৰে এখন ট্রেক্টৰ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in