এয়াই নেকি উন্নয়ন? বাঁহৰ সাঁকোৰ ওপৰেৰে বিদ্যালয় লৈ ছাত্ৰ-ছাত্ৰী…

এয়াই নেকি উন্নয়ন? বাঁহৰ সাঁকোৰ ওপৰেৰে বিদ্যালয় লৈ ছাত্ৰ-ছাত্ৰী…

author-image
asomiyapratidin
New Update
এয়াই নেকি উন্নয়ন?  বাঁহৰ সাঁকোৰ ওপৰেৰে বিদ্যালয় লৈ ছাত্ৰ-ছাত্ৰী…

ডিজিটেল সংবাদ, বোকাখাত: দেশে স্বাধীনতা লাভ কৰা ৭৫ বছৰ পাছতো বোকাখাত বিধান সভা সমষ্টিৰ আলামী মাজগাঁও আৰু ৰোহিতাত অঞ্চলৰ পথসমূহৰ বিধ্বস্ত অৱস্থাই সমষ্টিটোৰ উন্নয়নৰ ফোপোলা স্বৰূপ উদঙাই দিছে । 

Advertisment

ৰাজ্যৰ কেবিনেট মন্ত্ৰী অতুল বৰাই প্ৰতিনিধিত্ব কৰা বোকাখাত সমষ্টিৰ দিচৈ গাঁও পঞ্চায়তৰ অন্তৰ্গত ৰোহিতা আৰু দুসুতিমুখ গাওঁ পঞ্চায়তৰ অন্তৰ্গত আলামি মাজগাঁও, ভলুকাগুৰি ফেৰীঘাট সংযোগী পথত থকা এটা ভঙা কালভাৰ্টৰ বাবে যাতায়তৰ ক্ষেত্ৰত যমৰ যান্ত্ৰনা ভুগি আহিছে স্থানীয় ৰাইজে ।

উল্লেখযোগ্য যে উক্ত পথটোত থকা দুটা ভঙা কালৰ্ভাটাৰ বাবে স্কুল কলেজৰ ছাত্ৰ-ছাত্ৰী,ৰোগী-প্ৰসূতি লগতে সৰ্বসাধাৰণ ৰাইজে দুডাল বাঁহৰ সাঁকোৰে দৈনিক বিপদ সংকুলভাৱে পাৰাপাৰ হৈ আহিছে । যাৰ ফলত কেইবাজনো ছাত্ৰ ছাত্ৰী উক্ত সাঁকোৰ পৰা পৰি দুৰ্ঘটনাত পতিত হৈ চিকিৎসাধীন হ'ব লগা পৰিস্থিতিৰ সৃষ্টি হৈছে ।

ইফালে এই সন্দৰ্ভত দুসুঁতীমুখ পঞ্চায়ত আৰু দিচৈ গাঁও পঞ্চায়তৰ সভাপতি দুগৰাকীৰ বিৰুদ্ধে স্থানীয় ৰাইজে ক্ষোভ প্ৰকাশ কৰাৰ লগতে পঞ্চায়ত দুটাই উক্ত পথটো নিৰ্মাণত লক্ষাধিক টকাৰ দুৰ্নীতি কৰাৰ অভিযোগ উত্থাপন কৰিছে । ৰাইজৰ অভিযোগ অনুসৰি উক্ত এক কিলোমিটাৰৰ পথটো এম জি এন ৰেগাৰ জড়িয়তে কৃষিবান্ধ হিচাপে নিৰ্মাণৰ বাবে দুসুঁতীমুখ পঞ্চায়তে ৫০০ মিটাৰ ৯,২৮,৬৪৬ টকা আৰু দিচৈ গাঁও পঞ্চায়তে পাছৰ ৫০০ মিটাৰ পথ কৃষিবান্ধ হিচাপে নিৰ্মাণৰ বাবে ৯,২৮,৬৪৬ টকা আৱন্তন হৈছিল যদিও উক্ত পথটো নিৰ্মাণৰ নামত বৃহৎ ধন আত্মসাৎ কৰাৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে ৷

আনহাতে  দুসুঁতীমুখ গাওঁ পঞ্চায়তৰ সভাপতি পুষ্প পাটগিৰি আৰু দিচৈ পঞ্চায়তৰ সভাপতি নৰেণ বৰিয়ে উক্ত পথটো( কৃষিবান্ধ) নিৰ্মাণৰ নামত বৃহৎ কেলেংকাৰীৰ কথা উল্লেখ কৰি উক্ত বিষয়টোৰ বিভাগীয়ভাৱে তদন্ত কৰিবৰ বাবে কৃষিমন্ত্ৰী অতুল বৰাৰ হস্তক্ষেপ বিচাৰিছে স্থানীয় ৰাইজে ।

তাৎপৰ্য পূৰ্ণ বিষয় যে উক্ত পথটো শিলগুটি বালি সংমিশ্ৰণ দিবৰ বাবে সমষ্টিৰ বিধায়ক তথা কেবিনেট মন্ত্ৰী অতুল বৰাই ২ লাখ ৫০ হাজাৰ টকা বিধায়ক পুঁজিৰ পৰা আৱন্টন দিছিল যদিও সামন্য শিলগুটি পেলাই উক্ত ধনৰাশি একাংশই আত্মসাৎ কৰাৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে । 

আৰু পঢ়ক: ৰাজ্যৰ বান পৰিস্থিতি সন্দৰ্ভত মন্ত্ৰী পীযুষ হাজৰিকাৰ বৈঠক….

bokakhat assam