দুই পুত্ৰৰ সৈতে স্কুটীৰে গৈ থকা অৱস্থাত তীব্ৰ বেগী ট্ৰাকৰ খুন্দাত প্ৰাণ গ’ল মহিলাৰ…

দুই পুত্ৰৰ সৈতে স্কুটীৰে গৈ থকা অৱস্থাত তীব্ৰ বেগী ট্ৰাকৰ খুন্দাত প্ৰাণ গ’ল মহিলাৰ…

author-image
asomiyapratidin
New Update
ব্ৰহ্মপুত্ৰত জাঁপ দি মহিলাৰ আত্মহত্যা!

ডিজিটেল ডেস্ক, বোকাখাত: ৰবিবাৰে বোকখাতৰ বি ডি এম ৰোডত সংঘটিত হোৱা এক ভয়ংকৰ পথ দুৰ্ঘটনাত প্ৰাণ হেৰুৱালে এগৰাকী মহিলাই।

দুই পুত্ৰসহ বোকাখাতৰ মাতৃ গৃহলৈ স্কুটীৰে আহি থকা অৱস্থাত ট্ৰাকৰ খুন্দাত সংঘটিত হয় এই পথ দুৰ্ঘটনাটি। এই পথ দুৰ্ঘটনাত থিতাতে নিহত মহিলা গৰাকী খুমটাইৰ মিনু গগৈ বুলি জানিব পৰা গৈছে।

দুৰ্ঘটনাটোত মহিলা গৰাকীৰ দুই পুত্ৰও সামান্য ভাৱে আহত হয় যদিও কথমপি ৰক্ষা পৰে প্ৰাণ।

bokakhat assam road accident