বন্যপ্ৰাণী পুনৰ সংস্থাপন আৰু সংৰক্ষণ কেন্দ্ৰৰ পৰা অসম ৰাজ্যিক চিৰিয়াখানলৈ স্থানান্তৰ ৩ গঁড় পোৱালী

বন্যপ্ৰাণী পুনৰ সংস্থাপন আৰু সংৰক্ষণ কেন্দ্ৰৰ পৰা অসম ৰাজ্যিক চিৰিয়াখানলৈ স্থানান্তৰ ৩ গঁড় পোৱালী

author-image
asomiyapratidin
New Update
বন্যপ্ৰাণী পুনৰ সংস্থাপন আৰু  সংৰক্ষণ কেন্দ্ৰৰ পৰা অসম ৰাজ্যিক চিৰিয়াখানলৈ স্থানান্তৰ ৩ গঁড় পোৱালী

ডিজিটেল সংবাদ,বোকাখাত: বৃহস্পতিবাৰে অসম ৰাজ্যিক চিৰিয়াখানলৈ স্থানান্তৰ কৰা হয় কাজিৰঙাৰ ৩ টাকৈ গঁড়ৰ পোৱালী। অসম ৰাজ্যিক চিৰিয়াখানাৰ Rhino conservation breeding prog কাৰ্যসূচীৰ অধীনত স্থানান্তৰ কৰা হয় মাতৃহাৰা গঁড়ৰ পোৱালীকেইটা।

২০১৯-২০২০ বৰ্ষৰ বানৰ সময়ত মাতৃহাৰা গঁড়ৰ পোৱালীকেইটা উদ্ধাৰ কৰিবলৈ সক্ষম হৈছিল কাজিৰঙাৰ বন্যপ্ৰাণী উদ্ধাৰ তথা পুণৰ সংস্থাপন কেন্দ্ৰ চমুকৈ CWRCয়ে।।পৰৱৰ্তী সময়ত কেন্দ্ৰটোত চিকিৎসা তথা পৰিচৰ্যা চলিছিল এই তিনিটা গঁড়ৰ পোৱালীৰ।CWRC ৰ পশু চিকিৎসক চামচুল আলীয়ে জনোৱা অনুসৰি গঁড় পোৱালী তিনিটা ৰ বয়স ২-৩ বছৰ।

ইয়াৰে এটা মতা আৰু আন দুটা মাইকী গঁড়ৰ পোৱালী।উল্লেখযোগ্য যে ইয়াৰে এটা কঁহৰা বনাঞ্চলৰ গটঙা আৰু আন দুটা ক্ৰমে বিশ্বনাথ আৰু অগৰাতলীৰ পৰা উদ্ধাৰ কৰিবলৈ সক্ষম হৈছিল CWRC তথা বন বিভাগে।

bokakhat assam