মূল্যবৃদ্ধিৰ বিৰুদ্ধে যুৱ ছাত্ৰ পৰিষদৰ তীব্ৰ প্ৰতিবাদ…

মূল্যবৃদ্ধিৰ বিৰুদ্ধে যুৱ ছাত্ৰ পৰিষদৰ তীব্ৰ প্ৰতিবাদ…

author-image
asomiyapratidin
New Update
মূল্যবৃদ্ধিৰ বিৰুদ্ধে যুৱ ছাত্ৰ পৰিষদৰ তীব্ৰ প্ৰতিবাদ…

ডিজিটেল সংবাদ,বোকাখাত: খাদ্য সামগ্ৰীৰ লগতে নিত্য ব্যৱহাৰ্য সামগ্ৰী তথা জীৱনদায়িনী ঔষধৰ আকাশলংঘী মূল্যবৃদ্ধিৰ বিৰুদ্ধে মঙলবাৰে বোকাখাতত অসম জাতীয়তাবাদী যুৱছাত্ৰৰ পৰিষদৰ বোকাখাত শাখাই তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে।ইন্ধনজাত সামগ্ৰীৰ মূল্যবৃদ্ধিৰ বিৰুদ্ধেও সৰৱ হৈ উঠে সংগঠনটো।

Advertisment

বোকাখাত নগৰৰ মাজেৰে বিশাল প্ৰতিবাদী সমদল উলিয়াই কেন্দ্ৰীয় চৰকাৰৰ লগতে ৰাজ্য চৰকাৰৰ বিৰুদ্ধে বিভিন্ন শ্লোগানেৰে প্ৰতিবাদ সাব্যস্ত কৰে সংগঠনটোৱে। লগতে বোকাখাতৰ মহকুমাধিপতিৰ যোগেদি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মালৈ এখন স্মাৰক পত্ৰ প্ৰেৰণ কৰে প্ৰতিবাদকাৰী সকলে।

উল্লেখযোগ্য যে, অসম চৰকাৰক এখন মিছলীয়া চৰকাৰ আখ্যা দি তীব্ৰ সমালোচনা কৰাৰ লগতে অনাগত দিনত অত্যাৱশ্যকীয় সামগ্ৰীৰ লগতে জীৱনদায়িনী ঔষধৰ মুল্য হ্ৰাস নকৰিলে প্ৰতিগৰাকী মন্ত্ৰী-বিধায়কৰ ঘৰে ঘৰে প্ৰতিবাদী কাৰ্যসূচী হাতত লোৱাৰ হুংকাৰ প্ৰদান কৰে সংগঠনটোৱে।

আৰু পঢ়ক: মুখ্যমন্ত্ৰী মহোদয় চাব, অসমো এদিন শ্ৰীলংকা হ'ব…

assam protest bokakhat