/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-11/d49f2f42-c794-4cdd-8bb3-6fb9d0150d14/boka.jpg)
bokakhat protest
ডিজিটেল সংবাদ, বোকাখাত : বোকাখাত বিধানসভা সমষ্টিৰ বংকোৱাল বালিচাপৰিৰ ৪৬ টা পৰিয়ালৰ ভূমি অধিকাৰৰ দাবীত বৃহস্পতিবাৰে বোকাখাতৰ মহকুমাধুপতি কাৰ্যালয়ত এক দিনজোৰা প্ৰতিবাদী কাৰ্যসূচীৰে উত্তাল কৰি তোলে জীপাল কৃষক শ্ৰমিক সংঘই।
২০০১-০৩ চনত উক্ত ৪৬ টা পৰিয়ালে ব্ৰহ্মপুত্ৰৰ বান গৰাখহনীয়াত পৰি বংকোৱাল বালিচাপৰিত সংস্থাপিত হৈছিল। কিন্তু বোকাখাত ৰাজহ চক্ৰ বিষয়া কাৰ্যালয়ৰ এজন লাট মণ্ডল খগেন শইকয়াই অবৈধভাৱে কাষৰীয়া লোকৰ কোনো শুনানি নোলোৱাকৈ ২০১৫ চনতে কেৱল এজন লোকৰ নামত উক্ত ভূমি নামজাৰী কৰি ৪৬ টাকৈ পৰিয়ালৰ ভূমি অধিকাৰ খৰ্ব কৰাৰ ঘটনা জীপাল কৃষক শ্ৰমিক সংঘই উন্মোচন কৰি বোকাখাত মহকুমাধিপতিক এই সমগ্ৰ ঘটনাৰ তদন্ত, ৪৬ টা পৰিয়ালৰ মাজত ভূমিৰ সমবিতৰণ আৰু অভিযুক্ত লাট মণ্ডল খগেন শইকীয়াক দৃষ্টান্তমূলক শাস্তি প্ৰদানৰ দাবীত এক স্মাৰক পত্ৰ প্ৰেৰণ কৰিছিল।
উল্লেখযোগ্য যে ভুক্তভোগী ৪৬ টা পৰিয়ালৰ অভিযোগ অনুসৰি বিষয়টো আজি পৰ্যন্ত নিষ্পত্তি নোহোৱাত উক্ত পৰিয়াল কেইটাই আবন্তিত প্ৰধান মন্ত্ৰী আবাস যোজনাৰ ঘৰ নিৰ্মান কৰিব নোৱাৰা, উক্ত ভোগ দখলকাৰী সকল মাটি ম্যাদি কৰিবলৈ যাওঁতে ৰাজহ বিভাগৰ পৰা বঞ্চিত হৈ ঘূৰি আহিব লগা, নিজ ভূমিত স্থায়ী নিৰ্মাণৰ কাম হাতত তুলি ল'বলৈ যাওঁতে এক ভাতৃঘাটি সংঘর্ষত লিপ্ত হোৱাৰ দৰে পৰিবেশ সৃষ্টি হৈছে বংকোৱাল বালিচাপৰি অঞ্চলত।
ইফাল জীপাল কৃষক শ্ৰমিক সংঘৰ দাবীৰ ভিত্তিত পৰৱৰ্তী সময়ত বোকাখাত ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ পৰা উক্ত অঞ্চলত এক ৰাজহুৱা শুনানিৰ ব্যৱস্থা কৰিছিল যদিও বিষয়টো আজি পৰ্যন্ত মনহকুমাধিপতি কাৰ্যালয়ে নিষ্পত্তি কৰি ভূমিৰ ম্যাদি পটা প্ৰদান নকৰাত আৰু অভিযুক্ত লাট মণ্ডল খগেন শইকীয়াক তদন্তৰ আওতালৈ ননাত বংকোৱাল বালিচাপৰিৰ দুই শতাধিক লোকে জীপাল কৃষক শ্ৰমিক সংঘৰ নেতৃত্বত পুনৰ প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰি মহকুমাধিপতি নেহা যাদৱক এক স্মাৰক পত্ৰ প্ৰদান কৰি মহকুমাধিপতি গৰাকীৰ পৰা বিষয়টোৰ নিষ্পত্তি সন্দৰ্ভত লিখিত পত্ৰৰ দাবী কৰে।
লগতে লিখিত পত্ৰ নিদিয়ালৈকে মহকুমাধিপতি কাৰ্যালয়ৰ সমুখত অৱস্থান ধৰ্ণা কাৰ্যসূচী গ্ৰহণ কৰি গীতে মাতে সন্ধিয়ালৈকে প্ৰতিবাদ অব্যাহত ৰাখে দুই শতাধিক প্ৰতিবাদকাৰীয়ে। অৱশেষত ৰাইজৰ প্ৰতিবাদত সৈমান হৈ গোলাঘাটৰ বিপৰীতে বোকাখাত মহকুমাধিপতি কাৰ্যালয়তে শুনানি গ্ৰহণ কৰি নিষ্পত্তিৰ লিখিত আশ্বাস প্ৰদান কৰাত ধৰ্ণা কাৰ্যসূচী উঠাই লয় প্ৰতিবাদকাৰী সকলে।