বোকাখাতৰ কুৰুৱাবাহী গাঁও পঞ্চায়তৰ সভানেত্ৰীৰ বিৰুদ্ধে দুৰ্নীতিৰ অভিযোগ…

বোকাখাতৰ কুৰুৱাবাহী গাঁও পঞ্চায়তৰ সভানেত্ৰীৰ বিৰুদ্ধে দুৰ্নীতিৰ অভিযোগ…

author-image
asomiyapratidin
New Update
বোকাখাতৰ কুৰুৱাবাহী গাঁও পঞ্চায়তৰ সভানেত্ৰীৰ বিৰুদ্ধে দুৰ্নীতিৰ অভিযোগ…

ডিজিটেল সংবাদ, বোকাখাত : শাসকীয় চৰকাৰৰ দুৰ্নীতিৰ বিৰুদ্ধে শূণ্য সহনশীল শ্ল'গানৰ বিপৰিতে সীমাহীন দুৰ্নীতিত লিপ্ত হোৱাৰ অভিযোগ উত্থাপন হৈছে বোকাখাত বিধান সভা সমষ্টিৰ কুৰুৱাবাহী গাঁও পঞ্চায়তৰ বিৰুদ্ধে।ইটোৰ পিছত সিটো কৈ কুৰুৱাবাহী গাঁও পঞ্চায়তত সংঘটিত হৈছে দুৰ্নীতি আৰু অনিয়ম।

Advertisment

এই সন্দৰ্ভত নিয়মীয়াকৈ সংবাদ মাধ্যমত প্ৰতিবেদন প্ৰকাশ হৈ থকাৰ পাছতো শাসকীয় বিজেপি দলৰ পৰা পঞ্চায়ত সভানেত্ৰীৰ আসন দখল কৰাৰ অহংকাৰতে কুৰুৱাবাহী পঞ্চায়ত সভানেত্ৰী গৰাকীয়ে কেৰেপ নকৰে স্থানীয় লোক কিম্বা দল-সংগঠনৰ অভিযোগকো ।

শেহতীয়াকৈ অনিয়মৰ সকলো সীমা অতিক্ৰম কৰি পঞ্চায়ত সভানেত্ৰী গৰাকীয়ে ককায়েকৰ নামত আৱণ্টন দিয়া PMAY-G গৃহৰ ধন জালিয়াতিৰে জমা দিলে ভায়েকৰ বেংক একাউণ্টত। জানিব পৰা মতে ২০১১ বৰ্ষৰ লোক পিয়ল অনুসৰি দীপান্ত দত্ত নামৰ এজন লোকৰ নামত আবণ্টিত ঘৰৰ ধন জালিয়াতিৰে লোকজনৰ ভায়েক দীগন্ত দত্তৰ একাউণ্টত এক বিশেষ কৰ্ট এফিডেফিটৰ জড়িয়তে সুমুৱাই দিয়াত উদ্যোগ লৈছে পঞ্চায়ত সভানেত্ৰী ৰূপা বৰাই।

ইফালে সভানেত্ৰী গৰাকীৰ বিৰুদ্ধে দীৰ্ঘদিনৰ পৰা PMAY-G গৃহ আৱণ্টনৰ নামত এজন হিতাধিকাৰীৰ পৰা ৩০০ টকাৰ পৰা ৭০০ টকালৈ বিনাদ্বিধাই সংগ্ৰহ কৰা, পঞ্চায়ত খনৰ নলা নিৰ্মাণত হোৱা বিসংগতি, শৌচালয় নিৰ্মাণত ধন হৰলুকী কৰাৰ অভিযোগ উত্থাপন হৈ আহিছে যদিও এই ক্ষেত্ৰত বোকাখাতৰ খণ্ড উন্নয়ণ বিষয়াৰ কাৰ্যালয়ৰ পৰা কোনো তদন্ত আগবঢ়োৱা নাই।

খণ্ড উন্নয়ণ বিষয়া গৰাকীয়ে বৰঞ্চ খণ্ড উন্নয়ণ বিষয়া গৰাকীও পঞ্চায়ত সভানেত্ৰী গৰাকীৰ এই সমস্ত দুৰ্নীতিৰ লগত সাঙোৰ খাই আছে বুলিহে উভিযোগ উত্থাপন কৰিছে ভুক্তভোগী হিতাধিকাৰী সকলে। একেদৰেই স্থানীয় ৰাইজ তথা হিতাধিকাৰী সকলৰ অভিযোগ অনুসৰি সভানেত্ৰী ৰূপা বৰা, পঞ্চায়ত জিপিচি কাকুমনি শইকীয়া, সভানেত্ৰী গৰাকীৰ এগৰাকী বিশেষ সহযোগী বৃন্দাবন গগৈ জড়িত আছে সমস্ত কু-কৰ্মত।

লক্ষণীয়া ভাৱে পঞ্চায়ত খনৰ এনে মুকলি দুৰ্নীতিৰ বিষয়ে মন্ত্ৰী-বিধায়ক, দলৰ শীৰ্ষ নেতা অবগত হোৱাৰ পাছতো তদন্তৰ আওতালৈ আনিব পৰা নাই পঞ্চায়ত সভানেত্ৰী ৰূপা বৰাক ।

assam himanta biswa sarma bjp