বোকাখাত জাতীয় বিদ্যালয়ত আবৃত্তি গুৰু গোলাপ চন্দ্ৰ বৰাৰ সোঁৱৰণী অনুষ্ঠান

বোকাখাত জাতীয় বিদ্যালয়ত আবৃত্তি গুৰু গোলাপ চন্দ্ৰ বৰাৰ সোঁৱৰণী অনুষ্ঠান

author-image
asomiyapratidin
New Update
বোকাখাত জাতীয় বিদ্যালয়ত আবৃত্তি গুৰু গোলাপ চন্দ্ৰ বৰাৰ সোঁৱৰণী অনুষ্ঠান

ডিজিটেল সংবাদ, বোকাখাত: অসমত পৰিবেশ্য কলা আবৃত্তিক অধিক গতিশীল আৰু জনমুখী কৰি তোলাত বিশেষ অগ্ৰনি ভূমিকা পালন কৰা একেধাৰে আবৃত্তি প্ৰশিক্ষক, নাট্যকাৰ, সাহিত্যিক গোলাপ চন্দ্ৰ বৰাৰ ১৫ তম মৃত্যু বাৰ্ষিকীত শ্ৰদ্ধাৰে সোঁৱৰণ কৰা হয় বোকাখাত জাতীয় বিদ্যালয়ত।

Advertisment

উল্লেখযোগ্য যে, ১৯৩৪ চনত কলিয়াবৰৰ শাকমুঠি গাঁৱত জন্ম গ্ৰহন প্ৰয়াত গোলাপ চন্দ্ৰ বৰায়ে নগাঁও জিলা মইনা পাৰিজাতৰ প্ৰথম জিলা সম্পাদক, সদৌ অসম চেমনীয়া চ'ৰাৰ সম্পাদক, অসম নাট্য সন্মিলনৰ উপ-সভাপতি আৰু কাৰ্যকৰী সভাপতি, নগাঁৱৰ এসময়ৰ অগ্নিগড় কলাক্ষেত্ৰৰ প্ৰতিষ্ঠাপক অধ্যক্ষ,জখলাবন্ধা ৰংগম আর্ট স্কুলৰ প্ৰতিষ্ঠাপক সম্পাদক আদি দায়িত্বৰে সমাজ তথা শিশু চেমনীয়াৰ সাংস্কৃতিক উন্নতিৰ বাবে ব্ৰতী হৈছিল।

তদুপৰি ১৯৯৫ চনত নগাঁও সাহিত্য কাব্য কানন আবৃত্তি শিক্ষণ কেন্দ্ৰ প্ৰতিষ্ঠা কৰি প্ৰতিষ্ঠা কালৰেপৰা অধ্যক্ষ ৰূপে আবৃত্তি শিক্ষা আৰু প্ৰসাৰৰ ক্ষেত্ৰত অগ্রণী ভূমিকা গ্ৰহণ কৰিছিল।

১৯৯৩ চনত সংগীত নাটক অকাডেমি (দিল্লী)-য়ে আয়োজন কৰা পূৱ মাণ্ডলিক পূর্ণাঙ্গ নাট সমাৰোহ (কটক)-ত তেখেতৰ অস্থেয় নাটকেৰে অগ্নিগড় কলাক্ষেত্ৰই অসমক প্রতিনিধিত্ব কৰিছিল।

তেখেতৰ কেইখন মান উল্লেখযোগ্য গ্ৰন্থ হ'ল- ভূগৰ্ভৰ কেন্দ্ৰলৈ জ্বালামুখী যাত্রা (অনুঃ বিজ্ঞানোপন্যাস), বিদ্রোহী জনা আৰু অস্থেয় (নাটক), সোণালী চৰাইৰ পাখি (উপন্যাস), তৃষ্ণা তৰঙ্গ (উপন্যাস),প্রয়োগশিল্প আবৃত্তি, আবৃত্তি শিকো আঁহা।

শুকুৰবাৰে বোকাখাত জাতীয় বিদ্যালয় আৰু প্ৰয়াস কাব্য কাননৰ উদ্যোগত আবৃত্তি গৰাকীৰ সোঁৱৰণত বোকাখাত জাতীয় বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী সকলৰ মাজত এক অনুষ্টুপীয়া কাৰ্যসূচী অনুস্থিত কৰি আবৃত্তিকাৰ গৰাকীৰ বৰ্নাঢ্য জীৱন আৰু আবৃত্তিক্ষেত্ৰখনলৈ তেখেতে আগবঢ়াই যোৱা অৱদানৰ ওপৰত এক চমু আলোকপাত কৰি প্ৰয়াস অধ্যয়ন চক্ৰৰ সম্পাদক সোনেশ্বৰ নৰহে কয় -"অসমীয়া ভাষাৰ ম যি লালিত্য ইয়াৰ ছন্দক পদ্ধতিগত ভাৱে কৰ্ষণ কৰি অসমীয়া ভাষাৰ ভেটি টণকিয়াল কৰা অন্যতম পুৰুধা ব্যক্তি গোলাপ চন্দ্ৰ বৰা। আবৃত্তি কলাৰ মাধ্যমেদি ইয়াৰ ৰস আস্বাদন কৰাৰ গৰিমা আমাৰ অসমীয়া জাতিক দি থৈ গৈছে ,আজি বিশ্ববিদ্যালয় পৰ্যায়তো এই আবৃত্তি কলা আজি স্বীকৃত।সেয়ে আমি সমগ্ৰ অসমবাসী ধন্য আৰু তেওঁৰ ওচৰত চিৰ ঋণী"।

উল্লেখযোগ্য যে, ২০২২ চনৰ পৰা আৰম্ভ হোৱা প্ৰয়াস অধ্যয়ন চক্ৰ ৰূপালী জয়ন্তী বৰ্ষৰ লগত সংগতি ৰাখি প্ৰয়াত আবৃত্তিগুৰু গৰাকীৰ জীৱন আৰু কৰ্মৰাজীৰ ওপৰত এক বিশেষ অনুষ্ঠান আয়োজনৰ পৰিকল্পনাৰ কথাও আজিৰ সোঁৱৰণী সভাতে জানিবলৈ দিয়ে প্ৰয়াসৰ সম্পাদক গৰাকীয়ে।

assam bokakhat