/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2022/02/WhatsApp-Image-2022-02-08-at-3.20.12-PM.jpeg)
ডিজিটেল ডেস্ক: ৰবিবাৰে বোকাখাতত এদিনীয়া কাৰ্যসূচীৰে সম্পন্ন হৈ যায় গোলাঘাট জিলা মল্লযুঁজ সন্থাৰ দ্বি-বাৰ্ষিক অধিবেশন।ক'ভিড পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি নগণ্য সংখ্যক লোকৰ উপস্থিতিৰে বোকাখাতৰ চাহ মজদুৰ সংঘৰ প্ৰেক্ষাগৃত অনুষ্ঠিত হয় অধিবেশন ।অনুষ্ঠানত উপস্থিত থাকে অসম মল্লযুঁজ সন্থাৰ কাৰ্যকৰী সভাপতি উজ্জ্বল বৰুৱা ,উপসভাপতি গৌৰাংগ ৰয়,গোলাঘাট জিলা মল্লযুঁজ সন্থাৰ বিষয়ববীয়া আৰু সদস্যৰ উপৰিও আমন্ত্ৰিত কেইবাগৰাকী বিশিষ্ট অতিথিৰ লগতে খেলুৱৈ সকল।
উল্লেখ্য যে ২০১২ চনৰ পৰা ক্ৰীড়াৰ আনুসংগিক বিভিন্ন সমস্যা তথা অভাৱ অনাটনৰ মাজেৰে সম্পূৰ্ণ নিজা খৰচতে অনুশীলন চলাই অহা বোকাখাতৰ ২৫ গৰাকীকৈ খৈলুৱৈয়ে ৰাষ্ট্ৰীয় পৰ্যায়ৰ প্ৰতিযোগিতাত অংশগ্ৰহণৰ সুযোগ লাভ কৰাৰ লগতে ৰাজ্যিক পৰ্যায় বিভিন্ন শাখাত খিতাপ লাভ কৰি অঞ্চলটোলৈ সুনাম কঢ়িয়াই আনিবলৈ সক্ষম হৈছে ।
ইতিমধ্যে গোলাঘাট জিলা মল্লযুজ সন্থাৰ অন্তৰ্গত বোকাখাতত খেলুৱৈ সকলক প্ৰশিক্ষণ প্ৰদান কৰি অহা দুই প্ৰশিক্ষক ক্ৰমে অনুষ্টুপ নৰহ আৰু পাপু চাঁওতালে পঞ্জাৱৰ পটিয়ালাস্থিত Netaji subhash National institute of sports ত প্ৰশিক্ষণ লাভ কৰাৰ লগতে বোকাখাতৰ দুগৰাকীকৈ প্ৰতিভাৱান খৈলুৱৈয়ে ৰাষ্ট্ৰীয় পৰ্যায়ৰ প্ৰশিক্ষণ গ্ৰহণৰ বাবেও সুযোগ লাভ কৰিছে।
লক্ষণীয় ভাৱে ২০১৭ চনৰ পৰা বোকাখাত ক্ৰিড়া সংন্থাৰ সভাপতিৰ দায়িত্বত আছে বোকাখাতৰ বিধায়ক তথা ৰাজ্যখনৰ কৃষিমন্ত্ৰী অতুল বৰা। কিন্তু বিধায়ক অতুল বৰা নিজে এগৰাকী প্ৰাক্তন খেলুৱৈ হোৱাৰ পাছতো বোকাখাতৰ ৰাজ্যিক আৰু ৰাষ্ট্ৰীয় পৰ্যায়ত মল্লযুঁজৰ খেলুৱৈসকলে সুনাম কঢ়িয়াই আনিবলৈ সক্ষম হৈছে যদিও দীৰ্ঘদিনৰ পৰা এই সকল খেলুৱৈয়ে সন্মুখীন হৈ অহা নানা সমস্যাৰ ক্ষেত্ৰ উদাসিনতাহে প্ৰকাশ কৰি অহা পৰিলক্ষিত হৈছে বিধায়ক গৰাকীয়ে।
ইফালে ৰবিবাৰে বোকাখাতত অনুষ্ঠিত অধিবেশনৰ অন্ততঃ গঠন কৰা হয় গোলাঘাট জিলা মল্লযুজ সন্থাৰ ৩১জনীয়া পূৰ্ণাঙ্গ সমিতি।সভাপতি নৈতিক বৰগোঁহাই আৰু সম্পাদক জিতু বৰাক লৈ গঠন হোৱা সমিতিখনে আগন্তুক দিনত জিলাখনত খেলুৱৈসকলৰ বিভিন্ন সমস্যাৰ সমাধানৰ লগতে গঠনমূলক কাম কৰি যাব বুলি মন্তব্য কৰাৰ লগতে ৰাজ্যৰ প্ৰতিখন জিলা সমিতি গঠন কৰি কাৰ্যক্ষম কৰি তোলাৰ পিছতে অহা মাৰ্চ মাহৰ ভিতৰত অসম মল্লযুঁজ সন্থাৰ নতুন সমিতিখনো গঠন কৰা হ'ব বুলিও মন্তব্য কৰে অসম মল্লযুজ সন্থাৰ কাৰ্যকৰী সভাপতি উজ্জ্বল বৰুৱাই।