/asomiyapratidin/media/post_attachments/asomiyapratidin/import/2018/10/6040664791_2f0c1fc3ee_b.jpg)
প্ৰতিকী ফটো
ডিজিটেল সংবাদ, বোকাখাত: বুধবাৰে বোকাখাতৰ সাপজুৰীত এক শোকাৱহ দুৰ্ঘটনা সংঘটিত হয় । পুখুৰীত পৰি সলিল সমাধি এজন যুৱকৰ। যুৱকজন সাপজুৰি বঙালী গাৱঁৰ সুনীল ভূমিজ বুলি জানিব পৰা গৈছে ।
মৃত লোকজনৰ বয়স ৩৮ । স্থানীয় পুখুৰী এটাত মাছ ধৰা চাবলৈ গৈ সংঘটিত হয় এই শোকাৱহ ঘটনা । বোকাখাত আৰক্ষী, এছডিআৰএফ আৰু স্থানীয় ৰাইজৰ সহযোগত সুনীলৰ মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে আৰক্ষীয়ে ৷
/asomiyapratidin/media/agency_attachments/2024/11/06/2024-11-06t103056273z-dwa-ad-banner-2024-300x250.png)
Follow Us