বোকাখাত জেডিএছজি মহাবিদ্যালয়ত ‘ৰূপ-বৰ্ণ-বাক’ শীৰ্ষক অনুষ্ঠান…

বোকাখাত জেডিএছজি মহাবিদ্যালয়ত ‘ৰূপ-বৰ্ণ-বাক’ শীৰ্ষক অনুষ্ঠান…

author-image
asomiyapratidin
New Update
বোকাখাত জেডিএছজি মহাবিদ্যালয়ত ‘ৰূপ-বৰ্ণ-বাক’ শীৰ্ষক অনুষ্ঠান…

ডিজিটেল সংবাদ, বোকাখাত : বোকাখাতৰ জেডিএছজি মহাবিদ্যালয়ত মঙলবাৰে সাংস্কৃতিক বিভাগৰ উদ্যোগত নতুন শিক্ষা নীতিৰ আধাৰত বিগত পহিলা আগষ্টৰ পৰা ১৫ দিনীয়াকৈ হোৱা অভিনয় কৰ্মশালাৰ সামৰণি অনুষ্ঠানটি অনুষ্ঠিত হয়। "ৰূপ-বৰ্ণ-বাক" শীৰ্ষক সামৰণি অনুষ্ঠান উপলক্ষে কৰ্মশালাৰ প্ৰশিক্ষাৰ্থী সকলৰ দ্বাৰা অভিনীত চাৰিটা বিশেষ নাট্য মুহূৰ্তই প্ৰায় এঘণ্টা আপ্লুত কৰি ৰাখে দৰ্শক সকলক।

Advertisment

কবি নাট্যকাৰ পৰিচালক ৰফিকুল হুছেইনৰ অনুষ্ঠান পৰিচিতিৰ পাছতেই জেডিএছজি মহাবিদ্যালয়ৰ প্ৰয়াত প্ৰবিণ বৰঠাকুৰ মঞ্চত আয়োজিত হোৱা সামৰণি অনুষ্ঠানটোত অভিনিত হয় ৰফিকুল হুচেইনৰ সামগ্ৰিক পৰিকল্পনাত এটি নাট্য মুহূৰ্ত "বাকচ", একেজন নাট্যকাৰৰেই কবিতা "ক'লা চাংঘৰ নীলা চিঞৰ"ৰ আধাৰত নীলাক্ষি হাজৰিকাৰ সামগ্ৰিক পৰিকল্পনাত এটি নাট্য মুহূৰ্ত, সত্যৰঞ্জন বৰাৰ সামগ্ৰিক পৰিকল্পনাত অংগৰাগ মহন্তৰ "ঢৌৱে ঢৌৱে" গীতটোৰ আধাৰত এটি নাট্য মুহূৰ্ত আৰু সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱাৰ বহুল পঠিত গল্প "ভদৰী"ৰ আধাৰত তৰুণতীৰ্থ শইকীয়াৰ সামগ্ৰিক পৰিকল্পনাত এটি নাট্য মুহূৰ্ত। চাৰিওটা নাট্য মুহূৰ্তৰ অভিনয় শিল্পী সকলৰ সাৱলীলতাই বিশেষ চৰ্চা লাভ কৰে উপস্থিত দৰ্শক সকলৰ মাজত।

অনুষ্ঠানৰ শেষত প্ৰশিক্ষক তৰুণতীৰ্থ শইকীয়াই আঁত ধৰা এটি অনুষ্ঠানত বোকাখাত জেডিএছজি মহাবিদ্যালয়ৰ অধক্ষ্য ড০ জয়ন্ত গগৈ বক্তব্যৰ পাছতেই ১৫ দিনীয়া কৰ্মশালটোত অংশলোৱা প্ৰশিক্ষক সকলক সম্বৰ্ধনা জ্ঞাপন কৰা হয়। উল্লেখযোগ্য যে উক্ত ১৫ দিনীয়া অভিনয় কৰ্মশালটোত নিয়মীয়া প্ৰশিক্ষক হিছাপে অংশ লৈছিল কবি নাট্যকাৰ পৰিচালক ৰফিকুল হুছেইন, তৰুণতীৰ্থ শইকীয়া, নিলাক্ষী হাজৰিকা আৰু অংশকালীন প্ৰশিক্ষক হিছাপে আছিল সত্যৰঞ্জন বৰা আৰু সুভিত ৰঞ্জন।

আৰু পঢ়ক : আজি গুৱাহাটীত ডুৰণ্ড কাপ ফুটবল টুৰ্নামেন্ট…

assam bokakhat