/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-07/dc153e7b-4532-458d-9fc8-078b99335580/rtfff.jpg)
ডিজিটেল ডেস্কঃ অতি স্পৰ্শকাতৰ শিশু নাটৰ মঞ্চায়ণৰে বুধবাৰে সামৰণি পৰিল প্ৰয়াস নাট্যবিদ্যালৰ শিশু নাট কৰ্মশালা "বকুল তলত আকৌ ১৫ দিনীয়া শিশু নাট আখৰা"।
শিশুয়ে কৰা মোবাইল ফোনৰ অত্যাধিক ব্যৱহাৰত এক প্ৰকাৰ সন্ধিহান আৰু অতিষ্ঠ হৈ পৰিছে অভিভাৱকসকল। শিশুকেইটিৰ জঠৰতাহীন অভিনয়ৰে যেন এক নতুন আৰু বিজ্ঞানসন্মত পথৰ সন্ধান দিলে পৰিচালক-প্ৰশিক্ষক ৰাতুল ফুকনৰ নাটক "সৰু সৰু মনৰ খোজেৰে পৃথিৱী চাবলৈ যাওঁ" শিশু নাটখনে।
বোকাখাতৰ প্ৰয়াস নাট্য বিদ্যালয়ৰ স্থায়ী মঞ্চত অনুষ্ঠিত হোৱা কৰ্মশালাটিৰ সামৰণি অনুষ্ঠানত মঞ্চস্থ হোৱা নাটখনত অভিনয় কৰিলে ২৬ গৰাকী শিশু শিল্পীয়ে।
বুধবাৰৰ এই সামৰণি অনুষ্ঠানটিত উপস্থিত থাকি বিশিষ্ট নাট্য সৈনিক চিমি গোস্বামীয়ে শিশু মনস্তত্বৰ বিপৰিতে মেবাইল ফোন এক ভয়ংকৰ যন্ত্ৰ হৈ পৰিছে বুলি কয়। আনহাতে ইয়াৰ পৰা পৰিত্ৰাণ পাবলৈ শিশু সকলৰ প্ৰয়োজন অপ্ৰয়োজনৰ চিন্তাক আঁতৰাই থৈ ভাবিবই নোৱাৰি বুলি উপস্থিত অভিভাৱক সকলক সন্মোধন কৰে বিশিষ্ট নাট্য সৈনিক গৰাকীয়ে।
জিলমিল ৰ'দালি আৰু ৰাতুল ফুকনে আঁত ধৰা কৰ্মশালাৰ সামৰণিৰ নাট্য সন্ধ্যাটিৰ শুভ উদ্বোধন কৰে বিশিষ্ট আবৃত্তিকাৰ তথা প্ৰয়াস কাব্যকাননৰ সঞ্চালক ড' গায়ত্ৰী বৰা কাকাতিয়ে। অনুষ্ঠানৰ প্ৰাক্ ক্ষণত গণশিল্পী সুদক্ষিনা শৰ্মা, লোকশিল্পী উমাকান্ত বৈৰাগী,ঋষিকেশ শৰ্মা, বিজয় শংকৰ শইকীয়াক বন্তি প্ৰজ্বলনেৰে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে নাট্য বিদ্যালয়ৰ সঞ্চালক অমৰ কাকতি আৰু প্ৰয়াস সংগীত-কলা অকাডেমিৰ অধ্যক্ষ বীৰেন দাস।
বুধবাৰৰ মঞ্চত বিভিন্ন প্ৰান্তৰ সচেতন দৰ্শকৰ লগতে সদৌ অসম সাংবাদিক সন্থাৰ সভাপতি জিতুশৰ্মা ৰাজখোৱা, নাট্যকাৰ অমৰ শৰ্মা, সাংস্কৃতিক কৰ্মী মনো বৰা , প্ৰবক্তা বিদ্যুৎ শইকীয়া আদিয়ে উপস্থিত থাকি অনুষ্ঠানটি সাফল্যমণ্ডিত কৰা বুলি উদ্যোক্তা সকলৰ শলাগ লয়।।
Also Read: মণিপুৰক লৈ বিজেপিয়ে ভোট বেংকৰ ৰাজনীতি কৰি আছেঃ অখিলেখ যাদৱ