বিশিষ্ট সমাজকৰ্মী, অৱসৰপ্ৰাপ্ত শিক্ষক শিৱৰাম দাসৰ মৃত্যু...

শুকুৰবাৰে যোৰহাট মেডিকেল কলেজ হাস্পতালত মৃত্যু হয় শিৱৰাম দাসৰ

author-image
Asomiya Pratidin
New Update
বিশিষ্ট সমাজকৰ্মী, অৱসৰপ্ৰাপ্ত শিক্ষক শিৱৰাম দাসৰ মৃত্যু...

bokakhat death

ডিজিটেল সংবাদ, বোকাখাত : বোকাখাত কুৰুৱাবাহীৰ বিশিষ্ট সমাজকৰ্মী, অৱসৰপ্ৰাপ্ত শিক্ষক শিৱৰাম দাসৰ মৃত্যু। পূৰ্বৰ বোকাখাত বেংগলী প্ৰাথমিক বিদ্যালয়ৰ পৰা প্ৰধান শিক্ষক হিচাপে অৱসৰ গ্ৰহণ কৰিছিল প্ৰয়াত দাসে। দীৰ্ঘদিন ধৰি ৰোগাক্ৰান্ত হৈ আছিল অৱসৰ প্ৰাপ্ত শিক্ষক গৰাকী।

শুকুৰবাৰে পুনৰ যোৰহাট মেডিকেল কলেজত ভৰ্তি কৰোৱা হৈছিল যদিও চিকিৎসালয়তে মৃত্যু হয়। কুৰুৱাবাহীৰ বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠান লগত জড়িত আছিল বিশিষ্ট ব্যক্তি গৰাকী।

bokakhat assam