বজ্ৰ পৰি গোহালিতে মৃত্যু গো-ধনৰ…

বজ্ৰ পৰি গোহালিতে মৃত্যু গো-ধনৰ…

author-image
asomiyapratidin
New Update
বজ্ৰ পৰি গোহালিতে মৃত্যু গো-ধনৰ…

ডিজিটেল সংবাদ বোকাখাত : স্বাধীনতা দিৱসৰ উল্লাস উদ্দীপনাৰ মাজতে দেওবাৰে নিশা বোকাখাতত সংঘটিত হ'ল এক কৰুণ ঘটনা। বজ্ৰপাতৰ ফলত গোহালিতে মৃত্যু হালৰ গৰু। গোহালিত বান্ধি থোৱা অৱস্থাতে বজ্ৰ পৰি মৃত্যু হয় দৰিদ্ৰ এগৰাকী কৃষকৰ এহাল বলধ গৰু।

Advertisment

ঘটনাতো সংঘটিত হৈছে বোকাখাতৰ মৰিধনশিৰি পঞ্চায়তৰ অন্তৰ্গত বহিখোৱা বেজগাঁৱত। জানিব পৰা মতে দেওবাৰে নিশা অহা প্ৰৱল বতাহ বৰষুণৰ মাজতে বজ্ৰ পৰি মৃত্যু হয় গাঁৱখনৰ ইটান চিন্তে নামৰ দৰিদ্ৰ কষকজনৰ দুটাকৈ বলধ গৰু।

নিশা গোহালিত বান্ধি থোৱা গৰু হাল পুৱাই উঠি পথাৰলৈ নিবলৈ ওলাই কৃষক জনে প্ৰত্যক্ষ কৰে এই কৰুণ দৃশ্য। কৃষি কাৰ্য্যৰে পেট প্ৰৱৰ্তন কৰা দৰিদ্ৰ কৃষক গৰাকীৰ জীৱিকাৰ একমাত্ৰ সম্বল গৰু হাল হেৰুৱাই দুখত ভাগি পৰাৰ লগতে মুৰে কপালে হাত দিব লগা হৈছে এতিয়া দুৰ্ভগীয়া কৃষক পৰিয়ালটোৱে।

আৰু পঢ়ক : দেহত বয়সৰ ভৰ ! ত্ৰিৰংগা ধৰি এতিয়াও মাৰিব পাৰে লৰ…

assam himanta biswa sarma bokakhat