/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2021/02/crpf-jawan-batadrawa-agnipath-movie-corona.jpg)
ডিজিটেল সংবাদ, বোকাখাতঃ ঘৰমুৱা পথতে সন্ধানহীন হৈছে বোকাখাতৰ এজন চি আৰ পি এফৰ জোৱান। বোকাখাতৰ মৰিধনশিৰি পঞ্চায়তৰ অন্তৰ্গত জয়ন্ত দলে নামৰ জোৱান জন জম্মু কাশ্মীৰৰ পৰা আহি সোমবাৰে গুৱাহাটীত উপস্থিত হোৱাৰ পাছৰে পৰা এই পৰ্যন্ত যোগাযোগ হোৱা নাই পৰিয়াৰ সৈতে।
সোমবাৰে গুৱাহাটীত উপস্থিত হোৱাৰ পাছতে ফোন যোগে নিজ ঘৰলৈ আহি থকাৰ কথা পৰিয়ালৰ লোকক জনাইছিল যদিও এই মুহূৰ্তলৈকে ঘৰ পোৱাগৈ নাই সেনা জোৱানজন। সেনা জোৱানজনৰ পত্নীৰ লগতে গাওঁবাসীয়ে এজাহাৰ দাখিল কৰিছে বোকাখাত আৰক্ষীৰ ওচৰত।