বোকাখাট মহকুমা প্ৰশাসনৰ পৰ্যালোচনা সভাঃ বৃদ্ধি নহয় সম্পূৰ্ণ লকডাউন

বোকাখাট মহকুমা প্ৰশাসনৰ পৰ্যালোচনা সভাঃ বৃদ্ধি নহয় সম্পূৰ্ণ লকডাউন

author-image
asomiyapratidin
New Update
বোকাখাট মহকুমা প্ৰশাসনৰ পৰ্যালোচনা সভাঃ বৃদ্ধি নহয় সম্পূৰ্ণ লকডাউন

ডিজিটেল সংবাদ বোকাখাতঃ গোলাঘাটৰৰ নৱ-নিযুক্ত উপায়ুক্ত মৃগেশ নাৰায়ন বৰুৱাৰ উপস্থিতিত সংবাদকর্মীসকলৰ সৈতে বৃহস্পতিবাৰে বোকাখাত মহকুমাধিপতি কাৰ্যালয়ৰ সভাকক্ষত মহকুমাটোৰ কোভিড-১৯ৰ বৰ্তমানৰ পৰিস্থিতিৰ ওপৰত এখনি পৰ্যালোচনা সভা অনুষ্ঠিত হয়।এই পৰ্যালোচনা সভাত বোকাখাতৰ মহকুমাধিপতি বিপুল দাসে মহকুমাটোৰ কোভিড-১৯ৰ সকলোবোৰ তথ্য সাঙুৰি এখনি পাৱাৰ পইণ্ট প্রতিবেদন প্রদর্শণ কৰে।

Advertisment

ক্লিক কৰি পঢ়কঃ অখিল গগৈক সদনৰ পৰা বহিষ্কাৰৰ হুংকাৰ অধ্যক্ষৰ…

উল্লেখযোগ্য যে, মহকুমাটোত বর্তমান মাইক্র-কনটেইণমেণ্ট জ'ন আছে ৭ টা। ১৪ জুলাইলৈকে মহকুমাটোত ৪৫ বছৰৰ উৰ্ধ্বৰ মুঠ ২৩,৫৯৮ গৰাকী লোকক আৰু ১৮ৰ পৰা ৪৪ বছৰ বয়সৰ মুঠ ২৫,৮৪৮ গৰাকী লোকক কোভিড প্রতিষেধক প্রদান কৰা হৈছে।আনহাতে মহকুমাটোত ব্যাপক হাৰত কোভিড-১৯ৰ পৰীক্ষণ চলাই থকা হৈছে। সভাখনত সাংবাদিকৰ সৈতে হোৱা মত বিনিময়ত উপায়ুক্তগৰাকীয়ে জিলাখনত কোভিড পৰিস্থিতি কিছু উন্নত হোৱা বুলি উল্লেখ কৰি তিনিদিনৰ বাবে গেলামালৰ দোকান, খুচুৰা বিক্ৰী কেন্দ্র, শাক-পাচলি তথা ফলমূলৰ দোকান সম্পূর্ণ বন্ধ ৰখাৰ নিৰ্দেশনা আৰু বৃদ্ধি কৰা নহয় বুলি উল্লেখ কৰে।

কিন্তু কোভিড-১৯ সংক্রান্তত অসম চৰকাৰে জাৰি কৰা সকলো নীতি-নির্দেশনা জিলাখনত সম্পূৰ্ণৰূপে বলবৎ থাকিব বুলি কয়। আনহাতে আগন্তক দিনত বোকাখাতৰ লগতে সমগ্ৰ জিলাখনৰ কোভিড-১৯ ৰ সম্পূর্ণ পৰিস্থিতি নজৰত ৰখাৰ লগতে বিশ্লেষণ কৰা হ'ব বুলিও জানিবলৈ দিয়ে।

উপায়ুক্তগৰাকীয়ে সভাত মহকুমাটোৰ বিভিন্ন স্থানত গঢ় লৈ উঠা অবৈধ চুলাই মদৰ ঘাটিসমূহ সম্পূর্ণভাৱে উচ্ছেদ কৰিবৰ বাবে আবকাৰী বিভাগক তৎপৰ হবলৈ নিৰ্দেশ দিয়ে। ইয়াৰ লগতে চাহ বাগিচাসমূহত বাহিৰৰ পৰা অস্থায়ী কৰ্মচাৰী অনা নিয়াৰ ক্ষেত্রত মহকুমা প্ৰশাসনক তীক্ষ্ণ দৃষ্টি ৰাখিবলৈ নির্দেশ দিয়ে। সমগ্ৰ জিলাখনত যাতে সম্পূর্ণ লক ডাউনৰ পৰিস্থিতিৰ সৃষ্টি নহয় তাৰ বাবে সকলো ৰাইজক সজাগ হোৱাৰ লগতে কোভিড-১৯ ৰ নীতি নির্দেশনা সমূহ কঠোৰভাবে পালন কৰিবলৈ আহ্বান জনায়।

বৃহস্পতিবাৰ এই পৰ্যালোচনা সভাখনত গোলাঘাট জিলাৰ অতিৰিক্ত উপায়ুক্ত কুলদ্বীপ হাজৰিকা, বোকাখাতৰ মহকুমা স্বাস্থ্য বিষয়া ডা : ভাৰত ফুকন, আৱকাৰী উপ অধীক্ষক দেৱজ্যোতি দেউৰী, খণ্ড উন্নয়ন বিষয়া দিলীপ চৰকাৰ প্ৰমুখ্যে বোকাখাতৰ বিশিষ্ট ব্যক্তিসকল উপস্থিত থাকে।