বোকাখাটত হ্ৰাস হোৱা নাই কোভিড সংক্ৰমণঃ পুনৰ এজনৰ মৃত্যু

বোকাখাটত হ্ৰাস হোৱা নাই কোভিড সংক্ৰমণঃ পুনৰ এজনৰ মৃত্যু

author-image
asomiyapratidin
New Update
বোকাখাটত হ্ৰাস হোৱা নাই কোভিড সংক্ৰমণঃ পুনৰ এজনৰ মৃত্যু

বোকাখাটত হ্ৰাস হোৱা নাই কোভিড সংক্ৰমণঃ পুনৰ এজনৰ মৃত্যু

Advertisment

ডিজিটেল সংবাদ বোকাখাতঃ বোকাখাত মহকুমাত হ্ৰাস পোৱা নাই কোভিড সংক্ৰমণ। শনিবাৰলৈকে বোকাখাতত কোভিড আক্ৰান্তই ২৯৭৬ সংখ্যা স্পৰ্শ কৰিছে। আনহাতে কোভিডত আক্ৰান্ত হৈ মৃত্যু হৈছে ২৪ গৰাকী লোক।

ক্লিক কৰি পঢ়কঃ জীৱনৰ বজাৰত মানুহৰ দাম কমি যায়..

শনিবাৰে বোকাখাত মহুৰামুখৰ ১ নং গৰৈমাৰী গাওঁৰ ধীৰেশ্বৰ গুৱালা (৭০ ) নামৰ এজন ব্যক্তিৰ গোলাঘাট কুশল কোঁৱৰ চিকিৎসালয়ৰ কোভিড কেয়াৰ চেন্টাৰৰ আই চি ইউত চিকিৎসাধীন অৱস্থাত মৃত্যু হয়। মৃত ধীৰেশ্বৰ গোৱালা বোকাখাত অসম গণ পৰিষদৰ এগৰাকী সক্ৰিয় কৰ্মী আছিল। ব্যক্তিজন কিছুদিনৰ পৰা গোলাঘাট কুশল কোঁৱৰ চিকিৎসালয়ত চিকিৎসাধিন হৈ আছিল। ধীৰে্শ্বৰ গুৱালাৰ মৃত্যুত অসম গণ পৰিষদৰ সভাপতি অতুল বৰাই শোক প্ৰকাশ কৰিছে।

ইফালে বৰ্ধিত কোভিড সংক্ৰমণৰ পৰিপ্ৰক্ষিতত বোকাখাত মহকুমা প্ৰশাসনে সোমবাৰৰ পৰা লাগু হোৱাকৈ এসপ্তাহৰ বাবে সম্পূৰ্ণ কণ্টেইমেণ্ট জ'ন ঘোষনা কৰিছে বোকাখাত মহকুমাক। উল্লেখযোগ্য যে শনিবাৰৰ দিনটোত মহকুমাটোত নতুনকৈ ৯২ জনৰ গাত ধৰা পৰিছে কোভিড৷