ৰাজ্য চৰকাৰৰ কেবিনেট বৈঠকক "পিকনিক" আখ্যা ভূপেন বৰাৰ...

মঙলবাৰে বোকাখাতত ভাৰত জোড়ো যাত্ৰা আৰম্ভ হয়
bhupen bora
bhupen bora

ডিজিটেল সংবাদ, বোকাখাত : গোলাঘাট জিলা কংগ্ৰেছ কমিটীৰ উদ্যোগত আৰু বোকাখাত ব্লক কংগ্ৰেছ আৰু টাউন ব্লক কংগ্ৰেছ কমিটীৰ সহযোগত মঙলবাৰে বোকাখাতত ভাৰত জোড়ো যাত্ৰা আৰম্ভ হয়। ইফালে বোকাখাতত ভাৰত জোড়ো যাত্ৰাত উপস্থিত থাকি হিমন্ত বিশ্ব শৰ্মাৰ কেবিনেট বৈঠকক "পিকনিক" আখ্যা দিলে ভূপেন বৰাই।

"দকাইতে মানুহ মাৰি আছে, চিকিৎসাৰ অভাৱত মানুহৰ হাহাকাৰ হৈছে আৰু মুখ্যমন্ত্ৰীয়ে কেবিনেট বৈঠকৰ নামত খাই আছে পিকনিক" এইদৰে মন্তব্য কৰে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই।

বোকাখাতৰ কংগ্ৰেছ ভৱনৰ পৰা ৰজাবাৰীলৈ প্ৰায় ১০ কি:মি:ৰ সামৰি এই যাত্ৰা উলিওৱা হয়। প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা, সাংসদ গৌৰব গগৈ, প্ৰাক্তন বিধায়িকা বিস্মিতা গগৈ, নুৰুল হুদা,এতুৱা মুণ্ডা, ৰকিবুল হুচেইন, অসম প্ৰদেশ মহিলা কংগ্ৰেছ কমিটিৰ সভানেত্ৰী মীৰা বৰঠাকুৰকে আদি কৰি ৩০ গৰাকীৰো অধিক কংগ্ৰেছ নেতায়ে অংশ লয় এই ভাৰত জোড়ো যাত্ৰাত। বিভিন্ন সাংস্কৃতিক কাৰ্যসূচীৰে বোকাখাত বিধানসভা সমষ্টিৰ ২৫০০ৰো অধিক লোকে অংশ লয় এই কাৰ্যসূচীত।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in