/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-10/424d5224-d7e6-4a22-ba3d-94c927d76ee4/download.jpg)
ডিজিটেল সংবাদ, বোকাখাত: শেহতীয়াকে বোকাখাতত চিকিৎসকৰ হেমাহিৰ বাবেই এটি নৱজাতকৰ মৃত্যুৰ অভিযোগ উত্থাপিত হৈছে। বোকাখাতৰ শ্বহীদ কমলামিৰি অসামৰিক চিকিৎসালয়ত সংঘটিত হৈছে এই ঘটনা।
জানিব পৰা মতে যোৱা ৬ অক্টোবৰ তাৰিখে বোকাখাতৰ শ্বহীদ কমলামিৰি অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল বোকাখাতৰ ২নং বহিখোৱা গাৱঁৰ পুনি কুটুম নামৰ এগৰাকী গৰ্ভৱতী মহিলাক।
পৰিয়ালৰ লোকৰ মতে নৱজাতকৰ জন্মৰ ক্ষেত্ৰত চিকিৎস্যকে প্ৰদান কৰিছিল বিসংগতিপূৰ্ণ তথ্য।এই অনুসৰি প্ৰথমাৱস্থাত তাৎক্ষণিক ভাৱে অস্ত্ৰোপচাৰৰ জৰিয়তে শিশুটিৰ জন্মৰ পৰামৰ্শ প্ৰদান কৰিছিল যদিও পৰৱৰ্তী সময়ত পুনৰ দহ দিনৰ পিছতহে অস্ত্ৰোপচাৰ কৰা হ'ব বুলি জানিবলৈ দিছিল চিকিৎসকে।
কিন্তু আশ্বৰ্যজনক ভাৱে চিকিৎসকে বান্ধি দিয়া সময় সীমাৰ বিপৰীতে চিকিৎসালয়খনত ভৰ্তি হোৱাৰ তৃতীয় দিনাই এটি কন্যা সন্তান জন্ম হয় মহিলা গৰাকীৰ,কিন্তু লক্ষণীয়ভাৱে শিশুটিৰ জন্মৰ পিছতে গোলাঘাটলৈ ৰেফাৰ কৰা হয় শিশুটি সহ মাতৃক।ইফালে গোলাঘাট চিকিৎসালয়ত শিশুটিৰ ইতিমধ্যে মৃত্যু হোৱা বুলি জানিবলৈ দিয়ে চিকিৎসকে।
সম্প্ৰতিৰ নৱজাতকৰ মৃত্যুক সহজভাৱে মানি ল'ব পৰা নাই পৰিয়ালৰ লোকে।পৰিয়ালৰ মতে চিকিৎসকৰ দ্বায়িত্বহীনতা তথা হেমাহিৰ বাবেই মৃত্যুক সাৱতিব লগা হ'ল শিশুটিয়ে।
উল্লেখযোগ্য যে ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান অসমৰ অধীনত চিকিৎসালয়খনত চলি আছে জননী শিশু সুৰক্ষা কাৰ্যসূচী।যাৰ জৰিয়তে শিশুৰ মৃত্যুৰ হাৰ হ্ৰাস কৰাৰ ক্ষেত্ৰত প্ৰদান কৰা হৈছে অধিক গুৰুত্ব।কিন্তু ইয়াৰ পিছতো শিশুৰ মৃত্যুৰ হাৰ ৰোধ কৰাত ব্যৰ্থ হোৱাৰ অভিযোগ উত্থাপিত হৈছে চিকিৎসালয়খনৰ বিৰুদ্ধে।বৰঞ্চ বিভিন্ন সময়ত শিশুৰ মৃত্যু তথ্য গাপ দিয়াৰো অভিযোগ উত্থাপিত হৈ আহিছে চিকিৎসালয়খনৰ বিৰুদ্ধে।
ইফালে শেহতীয়াকৈ সংঘটিত নৱজাতকৰ মৃত্যুৰ পিছতেই প্ৰতিক্ৰিয়া প্ৰকাশ পাইছে এতিয়া বোকাখাতত।
ঘটনাৰ ন্যায়িক তদন্তৰ দাবী জনোৱাৰ লগতে দুৰ্ভগীয়া পৰিয়ালটোক উচিত ক্ষতিপূৰণ প্ৰদান কৰাৰো দাবী তুলিছে এতিয়া জীপাল কৃষক শ্ৰমিক সংঘই।