/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2022/08/bokajan-3.jpg)
প্ৰতিদিন ডিজিটেল সংবাদ, বোকাজান : বোকাজানত ৩০ হাজাৰ লিটাৰ বিলাতী সুৰাৰ বটল ধ্বংস। মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে বুলডজাৰ চলাই ধ্বংস কৰে অবৈধ সুৰাখিনি। ধ্বংস কৰা সুৰাখিনিৰ বজাৰ মূল্য ৫৮ লাখ ৩৯ হাজাৰ টকা।
উল্লেখ্য যে বিগত সময়ত বোকাজানৰ আৰক্ষী আৰু আবকাৰী বিভাগে জব্দ কৰা প্ৰায় ৩০ হাজাৰ লিটাৰ বিলাতী সুৰা ধ্বংস কৰা হয়। ইয়াৰে ১০,১২৪ লিটাৰ হুইস্কী আৰু ২০,২৯৪ লিটাৰ বিয়েৰ। ইয়াৰে অধিক সংখ্যক মেঘালয় আৰু অৰুণাচলৰ পৰা অহা সুৰা।
বোকাজান মহকুমাৰ আৰক্ষী থানাত ১৯ টা গোচৰ ৰুজু হৈ আছিল। এই ১৯ টা গোচৰৰ ভিত্তিত ধ্বংস কৰা হয় বৃহৎ সুৰাখিনি।
আৰু পঢ়ক : কোকৰাঝাৰত বিশ্ব খিলঞ্জীয়া দিৱস উদযাপন, আদিবাসীসকলক জনজাতিকৰণৰ মৰ্যাদা প্ৰদানৰ দাবী 'আছা'ৰ…