অ’ এন জি চিৰ বিৰুদ্ধে অনিদিষ্টকালীন পথ বন্ধ গড়াজানবাসীৰ ৰাইজৰ

অ’ এন জি চিৰ বিৰুদ্ধে অনিদিষ্টকালীন পথ বন্ধ গড়াজানবাসীৰ ৰাইজৰ

ডিজিটেল সংবাদ, বেকাজান: তিতাবৰ মহকুমাৰ বৰহোলা শিলডুবি সংযোগী পথচোৱা অ' এন জি চিয়ে তিনিদিন বাৰকৈ নিৰ্মাণৰ প্ৰতিশ্ৰুতি দিয়াৰ পাছতো কোনো ধৰণৰ পদক্ষেপ গ্ৰহণ নকৰা প্ৰতিবাদত বুধবাৰে স্থানীয় গড়াজানবাসীয়ে ৰাইজে অনিদিষ্টকালীন পথ বন্ধ কাৰ্যসূচী ৰূপায়ণ কৰে।

অ' এন জি চিয়ে পথ নিৰ্মাণ কৰিম আভুৱা ভাৰি থকা কাৰ্যৰ বিৰুদ্ধে ক্ষোভিত গড়াজানবাসীয়ে ৰাইজে শিলডুবিৰ জি জি এছলৈ যোৱা মূলপথত বাঁহৰ ডাং বান্ধি সকলো যাতায়ত বন্ধ কৰি দিয়ে । ৰাইজে অ ' এন জি চিৰ প্ৰতাৰণা নচলিব , বিধবস্ত পথ শীঘ্ৰে নিৰ্মাণ কৰক , আমাৰ দাবী মানিবই লাগিব শ্লগানেৰে পৰিবেশ উত্তাল কৰি তোলে ।

উল্লেখযোগ্য যে অ 'এন জি চিৰ বিৰুদ্ধে ৰূপায়ন কৰা পথ বন্ধ কাৰ্যসূচীৰ সন্দৰ্ভত শিলডুবি চাংপাঙ ইক টুৰিজিম ছ'চাইটিৰ সভাপতি তিলক বৰুৱাই কয় যে অ 'এন জি চিয়ে বিগত চল্লিশ বছৰ ধৰি বৰহোলা অঞ্চলৰ পৰা কোটি কোটি টকাৰ খাৰুৱা তেল উৎপাদন কৰি মুনাফা অৰ্জন কৰি আহিছে যদিও তিনিবছৰ ধৰি স্থানীয় তৈলখাদ এলেকাৰ নিৰ্মাণ কৰা ।

বিশেষকৈ গড়াজান চাৰি আলিৰ পৰা বৰহোলাৰ নপমা তিনি আলিলৈ প্ৰায় তিনি কিলোমিটাৰ দৈৰ্ঘ্য পথচোৱা ভাঙি চূৰ্মাৰ হৈ যাতায়তৰ অনুপযোগী হৈ পৰিছে।ফলত যান বাহন আৰু শিক্ষাৰ্থীসকল অহা-যোৱা কৰাত ভীষণ সমস্যাৰ সৃষ্টি হৈছে । পথচোৱা নিৰ্মাণ বাবে ২০১৯, ২০২১আৰু ২০২২ চনত তিনিবাৰকৈ আন্দোলনৰ হোৱা পিছত তিতাবৰ মহকুমা প্ৰশাসনৰ সৈতে ৰাইজ আলোচনা বহে । অ এন জি চি এয়েও এমাহৰ ভিতৰতে পথটো নিৰ্মাণ বাবে ১ কোটি ৩৮ লাখ টকাৰ ঠিকা আবণ্টন কৰে ।

এই ঠিকা লাভ কৰা যোৰহাটৰ জনৈক গায়ন উপাধি ঠিকাদাৰ গৰাকীয়ে লোকচান হোৱাৰ ভয়ত পথটো নিৰ্মাণ নকৰিলে । ফলত গড়াজানৰ পথটো আজিও বিধবস্ত হৈ পৰি আছে । ইফালে অ' এন জি চিৰ দৈনিক চলাচল কৰা গধুৰ যানবাহনে পথটো অতি শোচনীয় অৱস্থা কৰাত স্থানীয় ৰাইজে এনেদৰে ডাং বান্ধি অনিদিষ্টকাললৈ পথটো বন্ধ কৰি দিয়ে ।

পথ বন্ধৰ হোৱাৰ খবৰ লাভ কৰা পিছতে তিতাবৰ মহকুমা আৰক্ষী বিষয়া আৰু এগৰাকী দণ্ডাধিশ উপস্থিত হৈ আলোচনাত মিলিত হয় অহা ২২ জুলাইত বিষয়টো আলোচনা কৰিবলৈ গড়াজানবাসী ৰাইজক যোৰহাট জিলা উপায়ুক্ত কাৰ্যালয়লৈ আমন্ত্ৰণ জনায় । ইয়াৰ পিছত ৰাইজে অ' এন জি চিৰ বিৰুদ্ধে সাময়িকভাৱে পথ বন্ধৰ কাৰ্যসূচী উঠাই লয় ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in