/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2021/07/bokajan.jpg)
ডিজিটেল সংবাদ বোকাজানঃ বোকাজান চিকিৎসা বিভাগৰ আজৱ কাণ্ড । এগৰাকী ৬০ ৰ উৰ্দ্ধৰ বৃদ্ধাক একেদিনাই প্ৰদান কৰিলে কোভিডৰ দুটাকৈ ভেকচিন। বোকাজান মহকুমাৰ বালিপথাৰ ক্ষুদ্ৰ চিকিৎসা কেন্দ্ৰত সংঘটিত হৈছে এই ভয়ংকৰ ঘটনা ।
দেউপানীৰ নিবাসী ৬০ৰ উৰ্দ্ধৰ বৃদ্ধা সৰুমাই শইকীয়াই কোভিড ভেকচিন গ্ৰহণৰ বাবে বোকাজান মহকুমাৰ বালিপথাৰ ক্ষুদ্ৰ চিকিৎসা কেন্দ্ৰত শনিবাৰে কোভিড ভেকচিন গ্ৰহণৰ বাবে যায়। সেই সময়ত সৰুমাই শইকীয়াৰ লগত আছিল তেওঁৰ নাতিনিয়েক।
কোভিড ভেকচিন প্ৰদান কেন্দ্ৰটোৰ বাহিৰৰ পৰা নাতিনিয়েকগৰাকীয়ে আইতাকক ভেকচিন প্ৰদান কৰা প্ৰত্যক্ষ কৰি আছিল। কোভিড ভেকচিন প্ৰদান কেন্দ্ৰটোৰ ভিতৰত থকা স্বাস্থ্য কৰ্মী পূৰ্ণিমা তেৰাংপিয়ে সৰুমাই শইকীয়াক প্ৰথমপালি ভেকচিন প্ৰদান কৰাৰ পাছতেই পুনৰ দ্বিতীয়পালি ভেকচিন প্ৰদান কৰিবলৈ আগবঢ়ে। সেই সময়তেই বাহিৰৰ পৰা সৰুমাই শইকীয়াৰ নাতিনিয়েকে চিঞৰ মাৰে যদিও স্বাস্থ্য কৰ্মীগৰাকীয়ে আওকান কৰি দ্বিতীয়পালি কোভিড ভেকচিন প্ৰদান কৰিলে।
এই সমগ্ৰ ঘটনা বালিপথাৰ ক্ষুদ্ৰ প্ৰাথমিক চিকিৎসা কেন্দ্ৰৰ চিকিৎসক ডা০ টি এল পুদাইটোৰ পৰ্যবেক্ষণতে সংঘটিত হৈছে বুলি জানিব সপৰা গৈছে। এই ঘটনা সংঘটিত হোৱাৰ পাছতেই স্বাস্থ্য কেন্দ্ৰটোত চাঞ্চল্যৰ সৃষ্টি হৈছে। জানিব পৰা মতে বৰ্তমান সৰুমাই শইকীয়াক চিকিৎসকৰ পৰ্যবেক্ষণত ৰাখিছে।