বোকাজান টিংলিজানত লোমহৰ্ষক হত্যাকাণ্ড: দুৰ্বৃত্তৰ দাৰ ঘাপত নিহত যুৱক...

বোকাজান টিংলিজানত লোমহৰ্ষক হত্যাকাণ্ড। অচিনাক্ত দুৰ্বৃত্তৰ দাৰ ঘাপত মৃত্যু এজন যুৱকৰ

author-image
Asomiya Pratidin
New Update
বোকাজান টিংলিজানত লোমহৰ্ষক হত্যাকাণ্ড: দুৰ্বৃত্তৰ দাৰ ঘাপত নিহত যুৱক...

ডিজিটেল সংবাদ, বোকাজান : বোকাজান টিংলিজানত লোমহৰ্ষক হত্যাকাণ্ড। অচিনাক্ত দুৰ্বৃত্তৰ দাৰ ঘাপত মৃত্যু এজন যুৱকৰ। হত্যা কৰি পথাৰত পেলাই থৈ গ'ল মৃতদেহ।

Advertisment

টিংলিজানৰ গাৰো গাঁৱত সংঘটিত হৈছে এই ঘটনা। মৃত লোকজনৰ নাম ৰিমচন মাৰাক বুলি জানিব পৰা গৈছে। পকা মিস্ত্ৰীৰ কাম কৰিছিল লোকজনে। ঘটনাস্থলীত ইতিমধ্যে বোকাজান আৰক্ষী উপস্থিত হৈছে।

কি কাৰণত কেনেকৈ এই ঘটনা সংঘটিত হয় সেইয়া বৰ্তমানেও জানিব পৰা হোৱা নাই। আৰক্ষীৰ পূৰ্ণ পৰ্যায়ৰ তদন্তৰ পাছতহে ঘটনাৰ প্ৰকৃত ৰহস্য উদঘাটন হ'ব।

Also Read: মহানগৰীৰ ৰে’ল ষ্টেচনত জব্দ বৃহৎ পৰিমাণৰ টকা...

Assam police