বোকাজানত ৰাষ্ট্ৰীয় ঘাইপথ আৰু আন্তঃগাঁথনি উন্নয়ন নিগমৰ উচ্ছেদ অভিযান…

বোকাজানত ৰাষ্ট্ৰীয় ঘাইপথ আৰু আন্তঃগাঁথনি উন্নয়ন নিগমৰ উচ্ছেদ অভিযান…

author-image
asomiyapratidin
New Update
বোকাজানত ৰাষ্ট্ৰীয় ঘাইপথ আৰু আন্তঃগাঁথনি উন্নয়ন নিগমৰ উচ্ছেদ অভিযান…

ডিজিটেল সংবাদ, বোকাজান: সোমবাৰেপুৱাই চলিল বোকাজানত বেদখলকাৰীৰ ওপৰত উচ্ছেদ অভিযান। বোকাজানৰ ডীলাইৰ পৰা মাঞ্জালৈ ৰাষ্ট্ৰীয় ঘাইপথ আৰু আন্তঃগাঁথনি উন্নয়ন নিগমে চলালে উচ্ছেদ অভিযান। ৩৬ নং ৰাষ্ট্ৰীয় ঘাইপথৰ ১৫ মিটাৰৰ ভিতৰত থকা ২২৭ টা ঘৰত চলিল উচ্ছেদ অভিযান।

Advertisment

২২৭ টা ঘৰৰ ভিতৰত আছে দোকান, বজাৰঘৰ, কংক্ৰীটেৰে সজোৱা মন্দিৰ, সীমাবেৰ আৰু অস্থায়ী ঘৰ। কাৰ্বি আংলং জিলা প্ৰশাসনৰ সহযোগত NHIDCL য়ে ৩৬ নং ৰাষ্ট্ৰীয় ঘাইপথত প্ৰায় ৩২ কিলোমিটাৰ ধৰি চলাব এই উচ্ছেদ অভিযান।

প্ৰথম পৰ্যায়ত ডীলাইৰ পৰা মাঞ্জালৈ আৰু তাৰ পিছত ডিলাইৰ পৰা লাহৰিজানলৈ চলিব এই উচ্ছেদ। চৰকাৰী ভূমি বেদখল কৰি দোকান বজাৰ সাজিছিল লোকসকলে। যাৰ বাবে কোনো ধৰণৰ ক্ষতিপূৰণ দিয়া নাই NHIDCL য়ে।

আৰু পঢ়ক: ৰেডিছন ব্লুৰ সন্মুখৰ পৰা শিৱসেনাৰ সমৰ্থকক আটক

assam bokajan