/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-09/58bbc649-d158-4bee-bba5-7b2129886547/ele.jpg)
প্ৰতীকি ফটো
ডিজিটেল সংবাদ,বোকাজানঃ বোকাজানত হাতী-মানুহৰ সংঘাতৰ ভয়ংকৰ ৰূপ। হাতীৰ আক্রমণত শিশু-মহিলাসহ ৪জন লোকৰ মৃত্যু হোৱা বুলি জানিব পৰা গৈছে। বোকাজানৰ বৰমানথিৰ লালো বস্তিত বৃহস্পতিবাৰে সংঘটিত হয় এই ঘটনা।
খেতিপথাৰৰ পৰা উভতি অহাৰ সময়তে হাতীয়ে কৰে আক্রমণ এই লোককেইজনৰ। নিহত কেইজন ক্ৰমে- ৰিবিকা কেৰ্কেতা (২৮), কানীয়া তিৰিয়া (৫০) জেচয়া কেৰ্কেতা (৪) আৰু আগষ্টীন কৰ্মকাৰ (২)। ঘটনাস্থলীত বোকাজান আৰক্ষীৰ লগতে বন বিভাগৰ লোক উপস্থিত হৈ মৃতদেহ নিজৰ জিম্মাত লোৱাৰ লগতে মৰণোত্তৰ পৰীক্ষাৰ বাবে ডিফু চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us