/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2022/04/bok.jpg)
ডিজিটেল সংবাদ, বোকাজান: ৰাজ্যত ড্ৰাগছ ভাং কানিকে ধৰি নিচাজাতীয় সামগ্ৰীৰ বিৰুদ্ধে আৰক্ষীয়ে অভিযান যিমানেই তীব্ৰতৰ কৰি তুলিছে সিমানেই দৈনিক বিভিন্ন প্ৰান্তত জব্দ কৰিছে নিচাজাতীয় সামগ্ৰী সমূহ৷
সোমবাৰে পুনৰ বৰপথাৰ আৰক্ষীৰ নাকা তালাচীত জব্দ কেইবা লক্ষাধিক টকাৰ কানি। ডিমাপুৰৰ পৰা অহা এখন ট্ৰেংকাৰত উদ্ধাৰ ৪৫ কেজি কানি।
GJ 12AT 6129 নম্বৰৰ ট্ৰেংকাৰত খনত আনিছিল কানিখিনি।ঘটনাৰ সৈতে জড়িত বাবুলাল বিচনি আৰু জালাৰাম বিচনি নামৰ দুজন ব্যক্তিক আটক কৰিছে বৰপথাৰ আৰক্ষীয়ে৷ দুয়োজনৰে ঘৰ ৰাজস্থানত বুলি জানিবলৈ দিয়ে আৰক্ষীয়ে।
আৰু পঢ়ক: পঞ্চম চটকান কাৰাটে প্ৰতিযোগিতাত বটদ্ৰৱা আৰু ৰাইডঙীয়াৰ প্ৰশিক্ষাৰ্থীৰ সাফল্য…