/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2022/08/bbbbb.jpg)
ডিজিটেল সংবাদ, বোকাজান: কাৰ্বি আংলং আৰক্ষীৰ বৃহৎ সফলতা। বোকাজানৰ ডিলাইত জব্দ ১৫ কোটি টকাৰ ড্ৰাগছ।
ডিলাই আৰক্ষীৰ বিশেষ নাকা তালাচীত জব্দ বুজন পৰিমাণৰ ড্ৰাগছ। আৰক্ষীয়ে জব্দ কৰে ১ কেজি মৰৰ্ফিন, ২ কেজি ক্ৰিষ্টেল আৰু ৩৮৩ গ্ৰাম হেৰইন।
মণিপুৰৰ পৰা চিলিগুৰিলৈ নি থকা অৱস্থাত জব্দ কৰে ড্ৰাগছখিনি। গাড়ীত NHIDCL পোষ্টাৰ লগাই কৌশলেৰে নিয়াৰ চেষ্টা কৰিছিল দুষ্টচক্ৰটোৱে।
তিনি সৰবৰাহকাৰী ৰাজেশ লাকান্দ্ৰী, কুমাৰ গাজিমাৰ আৰু টাংগামবও মাৰিনমাই আটক কৰিছে ডিলাই আৰক্ষীয়ে।ইয়াৰে Double UO Globe নামৰ এবিধ নতুন ড্ৰাগছ ধৰিবলৈ সক্ষম হৈছে ডিলাই আৰক্ষীয়ে। ঘটনাৰ সন্দৰ্ভত আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে।
আৰু পঢ়ক: বলাৎকাৰ কৰি হত্যা! টিউচনলৈ বুলি ওলাই যোৱা ছাত্ৰীৰ মৃতদেহ উদ্ধাৰ…