বোকাজানত বিজেপিৰ সৰুপথাৰ পৰিষদীয় সমষ্টিৰ ঐক্য, বিজয় আৰু সম্বৃদ্ধি ৰেলী

বোকাজানত বিজেপিৰ সৰুপথাৰ পৰিষদীয় সমষ্টিৰ ঐক্য, বিজয় আৰু সম্বৃদ্ধি ৰেলী

author-image
Asomiya Pratidin
New Update
বোকাজানত বিজেপিৰ সৰুপথাৰ পৰিষদীয় সমষ্টিৰ ঐক্য, বিজয় আৰু সম্বৃদ্ধি ৰেলী

ডিজিটেল সংবাদ, বোকাজানঃ কাৰ্বিআংলং স্বায়ত্তশাসিত পৰিষদৰ অধীনস্থ ২৬ টা পৰিষদীয় সমষ্টিৰ সৰ্বাঙ্গীন উন্নয়ন আৰু বিকাশৰ বাবে তুলিৰাম ৰংহাঙ নেতৃত্বাধীন পৰিষদখনে কাৰ্বি আংলঙত ইটোৰ পিছত -সিটো ঐক্য, বিজয় আৰু সম্বৃদ্ধি ৰেলী অনুষ্ঠিত কৰিছে ৷ আন পৰিষদীয় সমষ্টিৰ দৰে বুধবাৰে বোকাজানৰ সৰুপথাৰ খেল পথাৰত অনুষ্ঠিত হয় সৰুপথাৰ পৰিষদীয় সবিশাল ঐক্য, বিজয় আৰু সম্বৃদ্ধি ৰেলী৷

Advertisment

কাৰ্বিআংলং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙ, বিধায়ক বিদ্যাছিং ইংলেঙ, দৰছিং ৰংহাঙ, নোমল মমিন পৰিষদৰ কেওগৰাকী ইএম এমএচি ঈৰু সৰুপথাৰ পৰিষদীয় সমষ্টিৰ এমএচি কাদম টেৰণপিৰ উপস্থিতিতএই ৰেলী সম্পন্ন হৈ যায় ৷ এই অনুষ্ঠানতেই কংগ্ৰেছ আৰু APHLC ৰ সৰ্বমুঠ ৪৭০ জন কৰ্মীয়ে বিজেপিত যোগদান কৰে।

উক্ত ৰেলীত হিতাধিকাৰীসকলৰ মাজত কৃষক সকলৰ বাবে স্প্ৰে মেচিন বিতৰণ কৰে।সাংবাদিকৰ সৈতে হোৱা বাৰ্তালাপত মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে কয় যে পাৰ্বত্য জিলা দুখনৰ সৰ্বাঙ্গীন উন্নয়ন আৰু বিকাশৰ বাবে ২৬ টা পৰিষদীয় সমষ্টিত ঐক্য বিজয় আৰু সম্বৃদ্ধি ৰেলীৰ আয়োজন কৰা হৈছে ৷

পাহাৰীয়া ৰাইজে নিৰ্বাচনৰ সময়ত যি দৰে বিজেপিক আশ্বাসতলৈ বিপুল ভোটেৰে বিজেপিক শাসনলৈ আনিলে তাৰ বাবে ৰংহাঙে নিৰ্বাচনোত্তৰ প্ৰতিশ্ৰুতিসমূহ আখৰে আখৰে পালন কৰাৰ বাবে তেওঁ বদ্ধপৰিকৰ বুলি কয় ৷ আনহাতে উক্ত ৰেলীৰ জৰিয়তে জন কল্যাণমূলক আঁচনি সমূহৰ সফল ৰূপায়ণ আৰু আঁচনি সমূহৰ উদ্ধোধন আৰু আধাৰশিলা স্থাপন কৰা কাৰ্য সমূহক ৰাইজক অৱগত কৰাৰ উদ্দেশ্যেই এই ৰেলীৰ উদ্দেশ্য বুলি মন্তব্য কৰে তুলিৰাম ৰংহাঙে ৷

Also Read: আজি অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ তৃতীয় মৃত্যু বাৰ্ষিকী

BJP ASSAM